পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
আৰ্হি তিৰুতা৷

আছিল, কেমাহমানৰ নিমিত্তে স্কুলৰ পৰিদৰ্শিকা (Superintendant) হৈ আছিল। কিয়নো তেঁওঁ বুজিছিল যে তিৰুতা মানুহৰ স্কুলত তিৰুতাই পৰিদৰ্শি- কাৰ ভাৰ লোৱা উচিৎ। কিয়নো যি বিলাক তিৰুতা ঘৰৰ এচুকত পৰি থাকে সেই বিলাক তিৰুতাই মুনিহ মানুহৰ ওচৰত পঢ়িবলৈ লাজ কৰিবই কৰিব।

 বাল্যবিবাহ হিন্দুসমাজত যাতে নহয় তাৰ নিমিত্তে তেওঁ বহুত চেষ্টা কৰিছিল আৰু তাৰ কিমান অপকাৰ তাক সুন্দৰৰূপে বুজাই দিছিল। হিন্দু বিধৱাৰ সমাজত বহুত নিৰ্য্যাতন; বিশেষ সেই সময়ত আৰু বেশী আছিল; যাতে তেওঁ বিলাকৰ কষ্ট লাঘৱ হয় তাৰ্ নিমিত্তেও তেওঁ চেষ্টা কৰিবলৈ পাহৰা নাছিল, সীয়া প্ৰভৃতি কৰি যাতে তেওঁ বিলাকে সময় কটাব পাৰে তাৰ নিমিত্তে যতন কৰিছিল। বিধবা বিবাহ পালন কৰিবলৈকো চেষ্টা কৰিছিল। তেওঁ আৰু দেখিলে যে বহুতো তিৰুতা চিকিৎসাৰ অভাৱত মৰে মুনিহ মানুহৰ দ্বাৰাই তিৰুতাই চিকিৎসা কৰাব নোখোজে আৰু লাজও পায়, সেই দেখি যাতে তিৰুতাইও ডাক্তৰী শিকিব পাৰে; ভাৰতৰ তিৰুতাৰ

উন্নতিৰ নিমিত্তে তেওঁ যি যি কৰিছিল এইটীও

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৭৬