পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
মেৰী কাৰ্পেণ্টাৰ।

আৰু বুজাইছিল। মেৰী আৰু তেঁওৰ বন্ধু বিলাকে দেখিলে যে যদিও স্কুলৰ বহুতো উপকাৰ হৈছে তথাপি তেওঁবিলাকৰ আশানুৰূপ কাম হোৱা নাই। স্কুলত কেই ঘণ্টামান মাত্ৰ লৰাবিলাক থাকে, অইন সময়ত সিহঁতে নানা কুপথলৈ আৰু নানা বেয়া ঠাইলৈ

যাব পাৰে, এই ভাবি তেঁওবিলাকে ঠিক কৰিলে যে সিহঁতক লৈ যদি এখন পৰিয়ালৰ নিচিনাকৈ ৰখা যায় তেনেহলে তেঁওলোকৰ উদ্দেশ্য আৰো সফল হয়। এই স্থিৰ কৰি ব্ৰিষ্টল নগৰৰ চাৰি মাইল দূৰৈত নিৰ্জ্জন ঠাই এডুখৰি বিচাৰি তাতে এটা ঘৰ কেৰেয়া কৰি বোৰ্ডিং স্কুল এখন পাতিলে। ভগবান সাধু ইচ্ছাৰ সহায়। সকলো কামেই ভাল মতে হবলৈ ধৰিলে। মেৰী প্ৰতিদিন Ragged schoolৰ কাম কৰি। চাৰি মাইল খোজ কাঢ়ি। এই স্কুললৈ আহি কাম কৰিছিল। এই দুৰ্দ্দান্ত জেইল খটা লৰা বিলাকক মেৰীয়ে মৰমৰ দ্বাৰাই বশ কৰিবলৈ ধৰিলে। মাকৰ নিচিনা সিহঁতেও মেৰীক মৰম আৰু ভক্তি কৰিবলৈ ধৰিলে। তাৰ ভিতৰতো কিছুমান লৰা আৰু ছোৱালীএ তেওঁক বৰ আহুকাল দিছিল সিহঁত স্কুলৰপৰা পলায় আৰু নানা-

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৭১