পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
আৰ্হি তিৰুতা৷


সেই মহৎ উদ্দেশ্য সফল হৈছিল। প্ৰথমদিন কুৰিটি লৰা আহি ভৰ্ত্তি হয় সেই দিনাই আবেলি আৰ বহুত লৰা আহিছিল। ইঁহতৰ অৱস্থা ইমান শোচনীয় যে ভৰিত জোতাতো নাছিলেই গাত চোলা পৰ্য্যন্ত নাই, শুবৰ ঠাই নাই যতে পায় ততে শুই ৰাতি কটায়। স্কুলৰ মহৎ উদ্দেশ্য জানি বহুত ভদ্ৰলোকে অৰ্থ সাহায্য কৰিবলৈ ধৰিলে ও আৰু পঢ়াবৰ নিমিত্তে মাষ্টৰ নিযুক্ত হল। ক্ৰমে ক্ৰমে লৰাৰ সংখ্যা বেশী হবলৈ ধৰিলে। উৎসাহিত হৈ মেৰীয়ে তাৰ লগতে এটী “নৈশ বিদ্যালয়” খুলিলে। দলে দলে হীনচৰিত্ৰৰ যুবক যুবতী বিলাক সেই বিদ্যালয়ত ভৰ্ত্তি হবলৈ ধৰিলে। এই দুশ্চৰিত্ৰ যুবক যুবতী বিলাকক শান্ত ৰাখিবৰ নিমিত্তে মৰীয়ে মাজে মাজে বিপদত পৰিছিল, তথাপি তেঁও অটল ধৈৰ্য্যৰে সকলো কাম সুন্দৰ মতে কৰিছিল৷ স্কুলৰ উন্নতিৰ লগে লগে স্কুলৰ ঘৰ বঢ়াব লাগিল। সকলো সদনুষ্ঠানতে মেৰী উৎসাহেৰে যোগ দিছিল। স্কুলত পঢ়াবৰ সময়ত তেঁওৰ নীতি সম্বন্ধে শিক্ষা দিবৰ নিমিত্তে সদাই চকু আছিল।

 বাইবেল পঢ়ি সদাই সিহঁতক ধম্মোপদেশ দিছিল

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৭০