সমললৈ যাওক

পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
মেৰী কাৰ্পেণ্টাৰ৷


পাথৰ,যন্ত্ৰ প্ৰভৃতি নানাৰকম বস্তু দেখুৱাবলৈ আৰু বুজাবলৈ ধৰিলে।

 মেৰীয়ে দেখিলে যে তেঁওৰ নীতিবিদ্যালয়ত (Sunday school ) যি বিলাক লমছোৱালী পঢ়িবলৈ আহে তাৰ ভিতৰত বহুতৰে অবস্থা বৰ বেয়া; থাকিবৰ ঠাই নাই, মানুহৰ বাৰাণ্ডাত শুই ৰাতি কটায় আৰু পেটৰ নিমিত্তে চুৰ কৰি থাকে আৰু মাজে মাজে জেললৈকো যায়। এই অনাথ লৰা বিলাকক যতন কৰি ৰাখিলে আৰু পঢ়ুৱালে প্ৰকৃত মানুহ হব পাৰে, কেৱল সাধাৰণ মানুহৰ অলপ চেষ্টা আৰু অবহেলাৰ নিমিত্তে ইহঁতৰ জীবন বিফল হবলৈ ধৰিছে। সেই নিমিত্তে মেৰীয়ে অইন অইন সাধু মহাত্মা কেজনৰে সৈতে পৰামৰ্শ কৰি এই দুশ্চৰিত্ৰ লৰাবিলাকৰ নিমিত্তে এটা ‘সংশোধনী” স্কুল ( Reformatory school ) কৰিবৰ স্থিৰ কৰিলে। ১৮৪৬ খৃষ্টাব্দত মেৰীয়ে দুশ্চৰিত্ৰ আৰু মূক্তি প্ৰাপ্ত কয়েদীবিলাক থকা ঠাইত এটী স্কুল খুলিলে। এনে ঠাইত স্কুল খুলিবৰ উদ্দেশ্য এই যে সেই ঠাইৰ দুশ্চৰিত্ৰ লৰাবিলাকৰ মন অবাধে আকৰ্ষণ কৰিব বুলি। তেঁওৰ

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৬৯