পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
আৰ্হি তিৰুতা৷


 ১৮৪০ অব্দত মেৰীৰ পিতাকৰ মৃত্যু হল। এই শোকত তেঁও বৰ কাতৰ হৈ পৰিল মেৰীৰ সকলো কামতে এই মহাত্মাই হাঁহিমুখেৰে উৎসাহ আৰু উপদেশ দিছিল। দোষ পালে দেখুৱাইছিল। এনে হেন পিতাক হেৰুৱাই মেৰী হতাশ আৰু কাতৰ হৈ পৰিল৷ জগতত যি শোক দিয়ে তেঁৱেই আকৌ সান্ত্বনাও দিয়ে। মেৰীয়ে কিছুদিনৰ পাছত বুজিলে যে শোকত কাতৰ হৈ থাকিলে আৰু নচলে—সংসাৰত বহুত কাম কৰিব লগীয়া তেঁওৰ আছে। বল আৰু উৎসাহেৰে মনক সজাগ কৰি আকৌ মেৰী নিজৰ কামত লাগিল। মেৰীৰ পিতাকৰ স্বৰ্গাৰোহণৰ অলপ-দিনৰ পাছতে টাকাৰম্যান চাহাবৰো মৃত্যু হল। মেৰীৰ এওঁৰ ওপৰত বিশেষ শ্ৰদ্ধা আৰু ভক্তি আছিল। ওপৰাউপৰি দুইটী শোক পাই মেৰীয়ে মৰ্ম্মাহত হল,তথাপি সেই শোকক দমন কৰি নিজৰ কামত মন দিবলৈ ধৰিলে। নিয়মমতে স্কুললৈ যাবলৈ ধৰিলে।দৰিদ্ৰ বিলাকৰ ঘৰলৈ গৈ তেঁওবিলাকৰ যিমান দূৰ পাৰে সাহায্য কৰিছিল। ছাত্ৰ ছাত্ৰী বিলাকৰ পঢ়িবৰ উৎসাহ বঢ়াবৰ নিমিত্তে আৰু পৃথিবীৰ বস্তুবিলাকৰ বিষয়ে জানিবৰ নিমিত্তে ইচ্ছুক হবৰ নিমিত্তে গছ;

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৬৮