পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
মেৰী কাৰ্পেন্টাৰ৷


লুকুৱা থাকিল৷ অইনজন উদাৰ মহাত্মা—এজন আমেৰিকা দেশৰ, নাম জোসেফ টাকাবম্যান। টাকাৰম্যান চাহাবে তেঁওৰ দেশত পঁচিশ বছৰ কুপথ-গামী দৰিদ্ৰ মানুহ বিলাকৰ ভিতৰত সিহঁতৰ উন্নতিৰ নিমিত্তে চেষ্টা কৰিছিল। তেঁও ব্ৰিষ্টল নগৰৰ চাৰি- ওফালে ঘুৰি ঘুৰি দুশ্চৰিত্ৰ দৰিদ্ৰ বিলাকৰ দুৰৱস্থা সকলো দেখুৱালে৷ মেৰীয়ে এই কামত নিজৰ জীবন উৎসৰ্গ কৰি কেজনমান উচ্চমনা বন্ধুৰ সৈতে পৰামৰ্শ কৰি এটা সমিতি স্থাপন কৰিলে। এই সমিতিৰ কাম—দৰিদ্ৰ বিলাকৰ ঘৰে ঘৰে ফুৰি সিহঁতৰ প্ৰকৃত অৱস্থা দেখি আৰু বুজি আৱশ্যক মতে সাহায্য কৰা।

 ব্ৰিষ্টল এই সময়ত সকলো বিষয়তে অতি হীন আছিল৷ অপৰিষ্কাৰ জঘন্য বাট আৰু গলিৰ ভিতৰত সোমাই দুৰ্গন্ধময় ঘৰ বিলাকলৈ মেৰী যাব লগীয়াত পৰিছিল। তেঁও নিজলৈ ভ্ৰুক্ষেপই নকৰিছিল। কেবল যে এই কামতেই তেঁওৰ সকলো সময় কাটিছিল এনে নহয়—তেঁওৰ স্কুলৰ কাম আছিল—তেঁওৰ বৃদ্ধ পিতামাতাক সাহায্য কৰা, তেঁও বিলাকক পৰিচৰ্য্যা কৰা আছিল। নিজৰ পঢ়াশুনাও অল্প কৰিব লাগিছিল।

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৬৭