পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
আৰ্হি তিৰুতা৷


তেওঁ বিলাকৰ ঘৰলৈ গৈ মাক বাপেকৰ লগত আলা-পাদি কৰি ধৰ্ম্ম বিষয়ে নানা গপ্ পাতিছিল। এই স্কুলৰ কাম কৰোতে কৰোঁতে তেওঁৰ দৃষ্টি দৰিদ্ৰ অসহায় মানুহ বিলাকৰ ওপৰত পৰিল। কুপথগামী মানুহ-বিলাকৰ শোচনীয় অবস্থা দেখি তেওঁ আন্তৰিক কষ্ট পাইছিল আৰু চকুৰ পাণী সামৰিব নোৱাৰিছিল। মেৰীৰ মনত খেলালে, এই অসহায় আৰু কুপথগামী-হঁতক উন্নতিৰ পথলৈ অনা বিশেষ কৰ্ত্তব্য কাম। যেতিয়া তেওঁৰ মনৰ অৰস্থা এনে তেতিয়া দুজন উদাৰ আৰু উচ্চমনা মানুহৰ লগত তেওঁৰ চিনাকী হয়। তাকে এমন আমাৰ ভাৰতবাসী—ৰাজা ৰামমোহন ৰায়। ৰামমোহন ৰায়ে ভাৰতীয় তিৰুতাৰ দুৰৱস্থাৰ কথা বৰ্ণনা কৰি তেওঁবিলাকৰ হিতাৰ্থে সাহায্য কৰিবৰ নিমিত্তে বিশেষ অনুৰোধ কৰে। সেই সময়ত আমাৰ তিৰুতা সকলৰ বৰ দুৰৱস্থা আছিল।তিৰুতাক লেখা পঢ়া শিকোৱা পাপৰ কাম আছিল, এতিয়াৰ দৰে স্কুল প্ৰভৃতি নাছিল, মেৰী কাৰপেণ্টাৰ তেতিয়া নানা কামত জড়িত আছিল বুলি ভাৰতবৰ্ষলৈ অহাটো সম্ভব নাছিল, কিন্তু তেওঁৰ মনৰ এচুকত এই কথাটো

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৬৬