পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
ৰাবেয়া


তেওঁৰ মনত ফুটি উঠিল লাহে লাহে সেইটো পূৰ্ণত্ব পালে। এমাহ মান ৰাবেয়াই বিছনাত শুই আছিল, নিশ্চিন্ত মনেৰে তেওঁ ভগবানক চিন্তা কৰিবৰ সময় পাই পৰম কৃতাৰ্থ হৈছিল। লাহে লাহে সুস্থ হৈ আকৌ মুনিবৰ কামত ভৰ্তি হল। সংসাৰৰ কামত যদিচ ব্যস্ত থাকিছিল তথাপি মনত সদাই ঈশ্বৰৰ নাম জপি থাকিছিল। তেওঁ সদাই আনন্দ মনেৰে থাকিছিল,সকলো প্ৰকাৰ দুখকো ঈশ্বৰৰ প্ৰসাদ বুলি লৈছিল। এনে ভাবত দিন কাটিব লাগিল। এদিন ৰাতিপ্ৰভুৰ নিমন্ত্ৰিত ভদ্ৰলোক সকলো নাহিল। দেশৰ প্ৰথা অনুসাৰে ঘৰৰ গৰাকীয়ে অতিথিএ নেখালে খাব নাপায়। ভোক পীয়াহত বিশেষ মদৰ নিমিত্তে ৰাবেয়াৰ মুনিবে বাহিৰ ভিতৰ কৰি ফুৰিবলৈ ধৰিলে। দাস দাসী বিলাকক তেওঁ বিদায় দি অকলৈ থাকিল৷ জীবনত তেওঁৰ এয়েই সজ্ঞানত প্ৰথম জোনাক ৰাতি দৰশন। তেওঁ মুগ্ধ হৈ আকাশৰ ফাললৈ চাই থাকোতে থাকোতে এটী মধুৰ স্বৰ শুনিবলৈ পালে। শব্দ অনুসৰণ কৰি গৈ চাকৰ চাকৰাণীৰ ঘৰৰ পিনে ৰাবেয়াৰ ঘৰৰ ভিতৰৰ পৰা প্ৰাৰ্থনা শুনিবলৈ পালে।

ৰাবেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে :—

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৬১