অভিনীত হৈছিল। কত দাস দাসীৰ,প্ৰতি
বছৰ এই বিষম পৰিশ্ৰম কৰি ৰাতি উজাগৰে থাকি
জীবন নষ্ট হৈছিল। ৰাৱেয়াৰ সৰুৰে পৰা পৰিশ্ৰম
কৰা অভ্যাস আছিল বুলি শৰীৰৰ একো ক্ষতি হোৱা
নাছিল। এনে পৰিশ্ৰম আৰু পৰিচৰ্য্যা কৰি ৰাবেয়াৰ
এই প্ৰভুৰ ঘৰত দিন কটাব লাগিছিল। এদিন
ৰাতি প্ৰভুৰ ঘৰত মহাভোজ সভা আছিল। জ্যোতিষী,
ডাক্তৰ বেজ প্ৰভৃতি বহুত ৰকম পণ্ডিত সকল
আহিছে। নানা ৰকম তৰ্ক বিতৰ্ক কথাবাৰ্ত্ত৷ চলি
আছে। ৰাবেয়াৰ প্ৰভুএ মদৰ বোতল লৈ ঢালিছে,
খাইছে, খুৱাইছে, ৰাবেয়াই নানাৰকম খাবৰ বস্তু
মদৰ বোতল আনি পণ্ডিত সকলৰ সেৱা কৰিছে।
হঠাৎ এজন পণ্ডিতে এটা যোৰা লগোৱ৷ মঙ্গহৰ ঠেং
হাতত লৈ তাৰপৰ৷ মঙ্গহ এৰুৱাই কলে “কেনে
সুন্দৰ যোৰা দিয়া ছোঁয়াচোন! তোমোলাকে,
মানুহৰ শৰীৰতো এনে যোৰা দিয়ানে?” এজন
ডাক্তৰে কলে “মানুহৰ শৰীৰতো এনে যোৰা আছে,
কেৱল দ্বিপদ আৰু চতুষ্পদৰ অহাযোৱাৰ গতিবিধিৰ
নিমিত্তে যি বেলেগ বন্দোবস্ত আছে।” পূৰ্ববৰ
পণ্ডিতে কলে “মানুহৰ ভবিৰ সৈতে এই ঠেং ডোখৰ