পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ৰাবেয়া৷


চিন্তা কৰিছে এনে সময়ত এজন ক্ষীণ বুঢ়া মানুহ আহি কাতৰ স্বৰেৰে কলে “ৰাবেয়া মই ডকাইতৰ ঘৰৰ পৰা পলাই আহিছোঁ, পীয়াহত টেটু কাটি যাবলৈ ধৰিছে, এটোপা পাণী দে।” ৰাবেয়াই চিনিলে তেওঁৰে পিতাক। তেওঁ ঘৰত নেথাকিছিল বুলি প্ৰায়ে পাণী নাৰাখিছিল। পিতাকে পাণী খোজামাত্ৰকে কলহ লৈ ঝৰণাৰ ওছৰলৈ লৰি গল। ষাঁওতে আঁহোতে প্ৰায় আধা ঘণ্টা মান লাগিল আহি দেখে পিতাকৰ শৰীৰটীহে পড়ি আছে, প্ৰাণ-বায়ু উড়ি গৈছে। ৰাবেয়া হতবুদ্ধি হৈ পৰিল। যাক ইজনমত আৰু দেখা পাবৰ আশা কৰা নাই তাক দেখা পাইও এটোপা পাণীদি শুকান টেটু তিয়াব নোৱাৰিলে; পিয়াহত তেওঁৰ প্ৰাণ উৰি গল। এই শোক ৰাবেয়াৰ পক্ষে অসহ্য হল। আজি ৰাবেয়াই নিজকে পিতৃহন্তা বুলি ভাবিলে। হায় হায় কিয় ৰাবেয়াই পাণী এটোপা ঘৰত ৰখা নাছিল!! পিতাকৰ মূৰটো কোলাত লৈ সেচা পাণীৰে মৃতদেহ আৰু ওঠ তিয়াবলৈ ধৰিলে। গাওঁৰ মানুহ বোৰে আহি মৃত-দেহ সৎকাৰ কৰিলে। ৰাবেয়াৰ নিমিত্তে সংসাৰত এটোপা চকুৰ পাণী পেলাবলৈকো কোনো নাথাকিল।

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৫৭