কৰালে যে “আপুনি যদি মোৰ এটা অনুৰোধ ৰাখে তেন্তে মই প্ৰসাদলৈ আতিথ্য স্বীকাৰ কৰিব পাৰোঁ।” মীৰাই বাধ্যহৈ প্ৰতিজ্ঞাত আবদ্ধ হল, অঙ্গীকাৰ কৰিলে। তেতিয়া কুমাৰে নিজৰ পৰিচয় দি ঝালবাৰ কুমাৰীৰ বিষয় সকলো কথা জনালে আৰু এবাৰ তেওঁক দৰশন পাবৰ অভিলাষ জনালে। এইয়েই তেওঁৰ অনুৰোধ। অন্তঃপুৰলৈ পৰপুৰুষ সোমাবৰ সাধ্য নাই--বিশেষ এই ভাবে—–কল্পনাৰো অতীত। মীৰাৰ মুৰত বজ্ৰ পৰা দি পৰিল। তত্ৰাচ প্ৰতিজ্ঞাত আবদ্ধ—এই হেন বিপদ মুৰতলৈও এই দুঃসাহসৰ কাম কৰিবলৈ প্ৰস্তুত হল। ৰাজ অন্তঃপুৰৰ গুপ্ত দুয়াৰ মেলি দি মন্দাৰ ৰাজকুমাৰক অন্তঃপুৰৰ বাট দেখুয়াই দিলে। দুৰ্ভাগ্যবশতঃ কুম্ভ ৰজা ঠিক সেই সময়তে ঘৰৰ দুয়াৰ মুখতে থিয় দি আছিল আৰু বৈষ্ণববেশধাৰী ৰজাক দেখি চিনিব পাৰিলে। মন্দাৰ ৰাজকুমাৰেও হতবুদ্ধি হৈ উভতি গুচি গল। ঝালবাৰ ৰাজকুমাৰীৰ সৈতে আৰু দেখা নহল।
কুম্ভ ৰজাই বুঝিব পাৰিলে যে মীৰাৰ দ্বাৰাই বৈষ্ণববেশধাৰী ৰাজকুমাৰে অন্তঃপুৰ প্ৰবেশ কৰিব পাৰিছে। তেওঁ জ্বলি উঠিল। দিগ্বিদিক্ নেদেখি