পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খনা।

হল। কৰমেতি বাইৰ নিতান্ত অনিচ্ছা সত্ত্বেও ৰজাই সৰু এটা কুটীৰ নিৰ্ম্মাণ দিলে। অবশিষ্ট জীবন কৰমেতিয়ে সেই কুটীৰতে ধ্যান কৰি কটায়। কুটীৰৰ ধ্বংসাবশেষ আজি পৰ্য্যন্ত বিদ্যমান থাকি কৰমেতি বাইৰ কৃষ্ণ ভক্তি স্মৰণ কৰাই দিয়ে, ভগবৎ প্ৰেমিকবিলাকে আজিও সেই চিৰস্মৰণীয়া কৰমেতি বাইৰ উদ্দেশে সেই অবশিষ্টাংশ কুটীৰত মুৰ দোঁৱাই সেৱা কৰে।

খনা।

 খনা আমাৰ ভাৰতবৰ্ষীয় হিন্দু তিৰুতা। পূৰ্ব্বকালত আমাৰ দেশত তিৰুতা মানুহেও নানাৰকম বিদ্যাচৰ্চ্চা যে কৰিছিল এই চিৰস্মৰণীয়া মহিলাই তাৰ সাক্ষী। জ্যোতিষবিদ্যাত খনা পণ্ডিতা আছিল। তেওঁ নিজেই বহুতো বৈজ্ঞানিক তত্ত্ব আবিষ্কাৰ কৰিছিল। আজি পৰ্য্যন্ত তেওঁৰ নিচিনা জ্যোতিষী পণ্ডিতৰ নাম শুনিবলৈ পোৱা নাযায়। কথিত আছে খনাই ৰাক্ষসবিলাকৰ ( অনাৰ্য্য জাতিৰ) পৰা এই বিদ্যা শিকিছিল সেই সময় সুসভ্য আৰ্য্যবিলাকৰ

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৪৩