পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্হি তিৰুতা ৷

হৈ তেওঁ জীৱন কটাবলৈ ধৰিলে। পণ্ডিত কৰমেতি বাইৰ নিমিত্তে অস্থিৰ হৈ পৰিল ঘৰত মন বহুয়াব নোৱাৰি, ঘৰ গাঁও এৰি ব্যস্ত হৈ দেশ বিদেশত ফুৰি ফুৰি জীয়েকক অনুসন্ধান কৰিবলৈ ধৰিলে। বহুত দিনৰ মুৰত বৃন্দাবনত তেওঁ কন্যাক দৰ্শন পালে। প্ৰথম দিন দেখিলে কৰমেতিয়ে চকু মুদি ভগবানৰ ধ্যানত মগ্ন হৈ আছে, দুই চকুৰে লো বৈ গৈছে। দেখিলেই ভক্তিৰ স্ৰোত বৈ যায়। পৰশুৰাম ভাৱত মুগ্ধ হল। তেওঁ জীয়েকক সেৱা নকৰি থাকিব নোৱাৰিলে৷ ইয়াকে বোলে ভক্তৰ প্ৰেম!!

 পৰশুৰামে কৰমেতি বাইক ঘৰলৈ ওভোতাবৰ নিমিত্তে বহুত অনুৰোধ কৰিলে, কিন্তু যাৰ ভগৱানৰ প্ৰেমত মন বুৰিছে, তাৰ সংসাৰৰ ফাললৈ মন নটলিল, পিতাৰ ক্ৰন্দনেও তেওঁৰ মন গলাব নোৱাৰিলে, তেওঁ বিনয় কৰি পিতাকক ক্ষমা মাগি থাকিবৰ আদেশ মাগিলে। পৰশুৰামে অনুমতি দি চকুৰ পানী টুকি ঘৰলৈ উভতি আহি ৰজাক সকলো কথা জনালে। ৰজাও এজন ভক্ত আছিল। তেওঁও কৰমেতিবাইৰ কৃষ্ণ ভক্তিৰ কথা শুনি বৃন্দাবনলৈ দেখিবৰ নিমিত্তে গল। বাইৰ কৃষ্ণ ভক্তি দেখি ৰজা বৰ আনন্দিত

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৪২