সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৭)

কৰি মাতা মাতি  কতো সভা পাতি
 বালকক ভুঞ্জাৱন্ত।
ৰাম ৰাম গুৰু  শিশু গণ সমে
 লোহিত কুলে চলন্ত।
কোমল বালিক  কোঞ্চায়া আনিয়া
 দৌলক কতো বান্ধন্ত।
কুণ্ডিলা কাষ্ঠৰ  প্ৰতিমা সাজিয়া
 তুলি দৌল ওপৰত।
নলৰ ফুলক  চামৰ কৰিয়া
 ফুৰা কতো আনন্দত।

 প্ৰভু দেৱদামোদৰৰ জন্ম বিষয়ে গুৰুলীলা পুথিত এইদৰে আছে।

সেহি বেলা যাই  নলচা গ্ৰামত
 সদানন্দ, বহিলন্ত।
বৰ দোৱা নাম  গ্ৰাম অনুপাম
 শঙ্কৰ তথা আছন্ত॥
তাহান দক্ষিণে  আছয় নিকটে
 নগচা গ্ৰামত ৰঙ্গে।
সদানন্দ দ্বিজে  তথাতে ৰহিলা
 পুত্ৰগণ সবে সঙ্গে॥

 এইবিলাক চৰিত্ৰ আৰু আন আন পুথিৰ পৰাও জনা যায় যে, এই নগাওঁ অতিজৰে পৰা বিদ্বান আৰু পণ্ডিত ব্ৰাহ্মণ কায়স্থ এই সকলৰ বাসস্থান আছিল; আৰু ধৰ্ম্ম চৰ্চ্চা বিদ্যা চৰ্চ্চাৰ এটি কেন্দ্ৰস্থান আছিল।

 শঙ্কৰি যুগৰ পিছতো, আমি যেতিয়া স্কুল কলেজত পঢ়োঁ, আজি ৪০ বছৰ মানৰ আগেৰে, এই নগাওঁক অসমীয়া ভাষাৰ ব্ৰিটিছ যুগৰ দ্বিতীয় গুৰু ৺ ৰায়