সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৬ ) " বাপি পেলাইছিল। ভাৰতবৰ্ষত বৌদ্ধদেৱে যি মুহুৰ্ত্ততে ৰাজ সিংহাসনকো এৰি জগতৰ দুঃখ আঁতৰাবলৈ ঘৰৰ বাহিৰ হৈছিল সেই মুহুৰ্ত্তৰে পৰা ভাৰতৰ সভ্যতাই গোটেইথান এচিয়া, চীন, জাপান, সুদূৰ চাইবেৰীয়া, আমেৰিকা, চিৰিয়া সমস্ত দেশকে ব্যপিছিল। বৌদ্ধ ধৰ্ম্ম প্রচাৰক সকলে “অহিংসা পৰমো ধৰ্ম্ম ” এই মূল মন্ত্ৰলৈ দেশে বিদেশে বৌদ্ধ ধৰ্ম্ম আৰু তাৰ আনুসঙ্গিক সভ্যতা বিতৰণ কৰি ফুৰিছিল। বঙ্গদেশত চৈতন্ত্র মহা প্ৰভুৱে ষি দিনাই মাতৃ, পত্নী এই দুজনকো ত্যাগ কৰি ঘৰৰ বাহিৰ হল সেই দিনাৰে পৰা বঙ্গালী ভাতৃ সকলব, ভাষা, শিল্প, সাহিত্য বিজ্ঞান এই সকলোৰে উদ্ভব হৈ বঙ্গালী জাতি টনকীয়াল হল । ইদানিঙতো যিদিন ধৰি মহাত্মা ৰাজা রামমোহন বায়ে পবিত্র ব্রাহ্ম ধৰ্ম্ম উলিয়াই প্ৰচাৰ কৰিলে সেই দিনৰে পৰা বঙ্গালীৰ ভিতৰত ওখ ভাব, ওখ সঙ্গীত, ওখ আহি, ওথ সাহিত্যৰ সৃষ্টি হল ৷ মোৰ বিশ্বাস পূজ্যপাদ শ্রীযুত ববীন্দ্রনাথ ঠাকুৰ যদি ব্ৰাহ্ম ধৰ্ম্মত দীক্ষিত নহলেহেতেন আৰু ধৰ্ম্ম প্রাণ মহাপুরুষ এজন নহলহেতেন, তেনেহলে তেখেতৰ হাজাৰ প্ৰতিভা থকা স্বত্বেও এনেকুৱা জগদ্বিখ্যাত নবেল প্রাইজ পোৱা মহা কবি কিজানি হব নোৱাৰিলেহেতেন। বৈষ্ণব ধৰ্ম্মত দীক্ষিত নোহোৱা হলে কি জানি ভবঙ্কিমচন্দ্র ও বঙ্কিম হৈ নোলালহেতেন । আমাৰ 'অসমতো যি দিনাই প্ৰভু শঙ্কৰদেৱে “কৃষ্ণ এক দেৱ দুঃখহাবী ” এনেকুৱা মূল মন্ত্ৰৰ বৈষ্ণব ধৰ্ম্ম উলিয়ালে সেই দিনৰে পৰা অসমায়াৰ সাহিত্য, সঙ্গীত, শিল্প এই সমস্তই উদ্ভব হল। অসমীয়া জাতি ধনে ধানে বিদ্যাই বুদ্ধিয়ে ভবপূৰ হল । অসমীয়া মানুহক সেই কালত লক্ষ্মী সরস্বতী উভয়ে লগ দি কৃপা কৰিলে । কিন্তু যেতিয়াৰে পৰা অসমীয়াই শঙ্কৰ মাধৱ দামোদৰ হৰিদেৱ এই চাৰিজনা অৱতাবি পুৰুষৰ আচল ধৰ্ম্ম পাহৰি কপটতা কুটীলতা, থিয়লা পিয়লি, হিংসা দ্বেষ ইত্যাদিত ধৰিলে আৰু ম‍ই বৰ, তই সক, মই শুচি, “তই অশুচি তেহেলৈ যা মোক নুচুবি ” এনেকুৱা ভাবৰ