সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৫৬ ) পেলাব খোজা নাই; কিন্তু কৰ্ত্তব্যৰ অনুৰোধত যি বিপদটো দেখিছোঁ সেইটোৰ হাত যাতে এবাব পৰা যায়, তাৰ প্ৰতিকাৰ এতিয়াৰ পৰা কব্বি পৰা যায়, তাৰ চেষ্টা কৰিবলৈহে প্রকৃত ঘটনা আপোনাসকলক জনাইছোঁ। বন্ধুসকল! আমি অসমীয়া জাতিটো এতিয়া ঘোৰ সন্ধি স্থলত। যদি আমি বিদেশী সকলক দেখিও কাণী এবি উদ্বোগি হবলৈ নিশিকোঁ তেন্তে আমাৰ ধ্বংশ অনিবাৰ্য্য। আমাৰ অসমীয়াই পোন প্ৰথমতে ভাঙ্গ কাণী এই দুয়োটা বিশ্ব আৰু তাৰ লগতে মদ আৰু চিগাৰেট, বোলা নতুন বিষটোকো এৰিব লাগিব । গাৱঁলীয়া প্ৰজাৰ বলেইহে শিক্ষিত সকলৰ বল—সেই দেখি প্রত্যেক শিক্ষিত অসমীয়ায়ে কাণী, ভাঙ্গ, চিগাৰেট, মদ, আমাৰ মানুহৰ মুখৰ পৰা বঢ়াই বুজাই কাবৌ মিনতি কৰি একয়াব লাগিব । এই চাবিটা বাগীয়াল বস্তু তেহে অসমীয়াক লক্ষ্মীয়ে কৃপা কৰিব। এৰাব নোৱাৰিলে অসমীয়া জাতিৰ উন্নতি হোৱাও মিছা আৰু তাৰ লগে লগে ভাষা বা সাহিত্যৰো উন্নতি আশা কৰাটোও আকাশত চাঙ্গ পতাৰ দৰে হব। বন্ধু সকল! সাহিত্যানুরাগী ডেকাসকল ! বৰ্ত্তমানে আমাৰ দয়ালু গবর্ণমেণ্টে আফিঙ্গৰ পাছ লোৱাব নিয়ম প্ৰবৰ্ত্তিত কৰিছে ; আমাৰ উপকাৰ কৰিবলৈ আগ বাঢ়িছে। কিন্তু এই কামত আমাৰ অসমীয়া শিক্ষিত সকলে, সন্ত মহন্ত সকলে, বিশেষকৈ পাছ দিওয়াৰ ক্ষমতা যাৰ হাতত আছে সেই মৌজাদাৰ, মণ্ডল, গাওঁবুঢ়া সকলে দেশৰ মঙ্গল চিন্তি, অসমীয়া চৰকাৰক অকপট চিত্তে সহায় কৰক। জাতিটোক ৰক্ষা কৰিবৰ উপায় চিন্তি উচিত মতে, বিশেষকৈ তাকৰৰ ফালেহে ঢাল লৈ যেন পাছত আফিঙৰ পৰিমাণ লিখায়। নজনা হোজা অসমীয়াইতো বিষ খাই আত্মহত্যা কৰি আছে আৰু কৰিবও। কিন্তু যি সকল জ্ঞানী, মানী, দেশ হিতৈষী, সন্ত, মহন্ত, সাধু সেই সকলে