( ৫৫ ) হুৰাইহে দিয়ে; কিন্তু খেতিৰ বাদ বাকী সমস্ত কাম, কঠিয়া তোলাৰে পৰা মান কাটি ঘৰলৈ আনি মাৰি চাউল কৰালৈকে, আমাৰ মাইকী সকলৰ ওপৰত। এইদৰে কৰিও অসমীয়াই ইমান দিনে “আকালো নাই উড়ালো নাই ” এনেভাবে খাই আহিছিল; কিন্তু এতিয়া এই কৃষি কৰ্ম্মতো অসমীয়ালৈ ঘোৰ এন্ধাৰ নিশা আহিব লাগিছে যেন পাওঁ—ঘোৰ বিপদৰ ডাৱৰে দেখা দিছে যেন পাওঁ । মৈমনসিঙৰ পৰা মদ, ভাঙ্গ, কাণী নোথোৱা সুস্থ, বলীষ্ঠ মচলমান খেতিয়ক প্রায় দুলাথমান আহি অসমৰ হাবি বননি ভাঙ্গি মাটি লব লাগিছে, আৰু এতিয়া হেনো ঢাকা অঞ্চলৰ পৰাও অসংখ্য বঙ্গালী খেতিয়ক আহিব লাগিছে। সুসভ্য ব্ৰিটিছ গবণ- অসমদেশখান যে কেৱল আমাৰ মেণ্টৰ আমোলত সকলোৰে সমান স্বত্ব । কাণীয়া অসমীয়াবে হৈ থাকিব তাৰ কোনো কাৰণ নাই । কাণীয়া অসমীয়া কেইটা ব্ৰিটিছ সিংহৰ নাতি লৰা নহয় ৷ যত ৰজাৰ ৰাজহ বাঢ়িব, তত বঙ্গদেশৰ জমিদাবি অঞ্চলৰ মানুহ ইয়ালৈ আহি, পৰি থকা হাবি বননি ভাঙ্গি, খেতি কৰিবলৈ কেতিয়াও গবর্ণমেণ্ট মনা নকৰে বৰং সি সকলক সাদৰে আহ্বান কৰি সুচলকৈ বহুয়াবৰহে চেষ্টা কৰিব। | সেই দেখি এই সময়তো যদি আমাৰ অসমীয়া মানুহে দেখাক দেখি কাণী এৰি আগতকৈ অলপ বেছি পৰিশ্ৰম কৰি হাবি ভাঙ্গি দুই চাবি দৰা মাটি নাৰাখে আৰু খেতিত ভালকৈ মন নিদিয়ে তেনে হলে আগলৈ আমাৰ জাতিটোৰ ভিথাচন ভাঙ্গিব ! আমাৰ অসমীয়া জাতিটো ধ্বংসৰ ফাললৈ গতি করিব। অসমীয়াৰ মাটি বাবি বিদেশৰ হাতলৈ যাব । তেতিয়া আৰু অসমীয়াৰ ভাষা বোলক সাহিত্য বোলক সমস্তই নিৰ্ব্বাণৰ ফালে গতি কৰিব । সেই দেখিহে এই অভাজনে সাহিত্য আলোচনা কৰোঁতে এই কেইনাৰ কথা কবলৈ বাধ্য হলু । মই আপোনাসকলক এটা নিবাশার বাণী শুনাই নৈৰাশ ভাবত
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৫৭
অৱয়ব