( 54 ) অভাব । আমাৰ যৌথ কাৰবাৰৰ কেনেকুৱা পৰিণাম হয় তাৰ নমুনা তাহানিখনৰ গুৱাহাটীৰ ভদ্রলোকৰ তেল কোম্পানি আৰু এই নগাওঁৰ আগৰ কোম্পানিয়েই দেখুৱাই থৈছে । যি দুই এজন অসমীয়াই মৰণত শৰণ দি, মৰো জীওঁ সো আধিকৈ লাগি দুই এখান চাহ বাগীচা কৰি কৃতকাৰ্য্য হৈছে সেই সকলে দুই চাৰি লাখ টকাও কৰিছে ; কিন্তু এই সকলৰ সংখ্যা সৰহ নহয় । আঙ্গুলীৰ মূৰত লেখিবলৈকো নাটে ৷ সেই সকলে ইচ্ছা কৰিলে ভাষাৰ হকে, দেশৰ ব্যৱসায় বাণিজ্যৰ হকে অলপ অচৰপ কৰিব পাৰে ।
কৃষি—অসমায়াই সকলো বাসা আৰু বাণিজ্য শিল্প বিদেশীক এৰি দি অকল যি হয় এফেবা কৃষিকে কৰি আছিল ; কিন্তু এই ক্বষিও অসমীয়াই ভালকৈ কৰা নাই । কৃষক শ্ৰেণীৰ অনেকেই সেই হিন্দুস্থানী চিপাহীয়ে শিকাই দিয়া কাণীৰ বাগিটো আৰু জুহালৰ কাষখান লই বহি আছে ৷ কৰা হলে কি মানে দাৰে কাটি আমার আস্তিত্ব লোপ কৰিব ধৰিছিল । জানি ভালেই আছিল। কিন্তু ব্ৰিটিছ দাতাই আমাক শান্তিৰূপ অমৃত দিলেও কাণীৰূপি বৰ বিষ বিধতাই আমাৰ জাতিটোক বেপি ৰেপি চেপি চেপি মাৰিব ধৰিছে। আমি গমকে পোৱা নাছিলোঁ। কাণীয়া সকলে মহাসুখে এই অহিফেন সেবন কৰি মানৰ লগত যুজা ভাগৰটো মানৰ আগৰ পৰা লৰি হাবিলৈ পলোৱা ভাগৰটো গুচাই আছিল। কিন্তু অলপতে সিদিনাখন বেভাবেও এন্দজ ছাহাবে আৰু তাৰ পিছত ৰেঃ পেটাইন চাহাবে আৰু আমেৰিকান্ মিচনৰি সকলে আমাক আমাৰ চকুত আঙ্গুলী দি দেখুৱাইছে যে আমি অসমীয়াই সেবে সেবে নহয় মোণে মোণে কাণী খাই দুখ দুর্গতিত পৰি ইহ সংসাৰৰ পৰা লাহে লাহে অন্তৰ্ধান হব পৰা বাটলৈ আহিছোঁ । কাণী খাই অসমীয়া খেতিয়কে বেলা এপৰ হোৱাত ঢাৰি পাটিৰ পৰা উঠি কোনো ৰকমে কেকোৰা লাঙলখান পথাৰলৈ লই গই কেইপাকমান হাল