(00) সেমাই গাৱঁলীয়া সকলৰ লগত লগ লাগি আমাৰ অসমৰ গাওঁবোৰৰ স্বাহ্যৰ উন্নতি কৰি দেশৰ অশেষ মঙ্গল সাধিব পাৰে। এই কাম কৰিবলৈ তদেশৰ দৰে আমাৰ অসমতো এদল ভলান্টিয়ৰৰ আৱশ্যক হৈছে যেন পাওঁ। কিন্তু কোনে ধন ভগন কৰি, গাত দুখ দি এই কামলৈ আগ বাঢ়িব এইটোৱে হৈছে ডাঙ্গব সমস্যা। শিল্প, ব্যৱসায়, আৰু বাণিজ্য বিষয়ক সাহিত্য — এই বিলাকৰ বিষয়ে কবলৈ গলে দুখ লাগে। এই বিলাক বিষয় ভাবিবলৈ গলেই আমাৰ মনলৈ অসমীয়াৰ ভবিষ্যৎ উন্নতির বিষয়ে এটা নৈৰাশ ভাব আছে। আগেয়ে আমাৰ সকলোবিধ লাগতীয়াল শিল্প আছিল। কিন্তু পৰাধীন জাতিৰ কপালত কতু সুখ নাই । এতিয়া আমাৰ অসমীয়াৰ মাজত এইবিলাক শিল্পৰ কথাটো দুৰস্তাং, আন কি ঘব-বন্ধা ঘোমী কামতো ঠায়ে ঠায়ে বিদেশীহে হল। ঠায়ে ঠায়ে দুই চাৰিটা তাঁতি আৰু কঁহাৰত বাজে অসমীয়াৰ আনবিলাক শিল্পি নোহোৱাই হল। সেই দেখি শিৰ বা মূৰ নোহোৱাৰ মূৰৰ বিষ বোলাটো যেনেকুৱা অযুগুত সেইদৰে শিল্প, সাহিত্য, বাণিজ্য বিষয়ক সাহিত্যৰ নাম নোলোৱাটোৱেই ভাল। দোকান বজাৰ, ব্যৱসায় আমি আমাৰ হিন্দুস্থানী আৰু মাৰোৱাৰী ককাইহঁতৰ হাতত সপি দি আমি নিশ্চিন্ত মনেৰে বেছ সুখেৰে আছোঁ ৷ এই বিষয়ে আমাৰ উঠি অহা ডেকা সাহিত্যিক শ্ৰীযুত জ্ঞাননাথ বৰা বি এল দেৱে লিখা “অসমত বিদেশী " নামৰ পুথিখানি সকলোৰে পঢ়া উচিত। ভাটীৰ ফালৰ দুই এজন বামদিয়ালী সোৱালকুচীয়া আৰু বৰপেটীয়া বেপাৰিত বাজে আমাৰ আৰু বেপাব বাণিজ্য কৰা মানুহ নাই। আমাৰ দেশত বৰ্ত্তমান ঘাই ব্যৱসা হৈছে চাহ খেতি। কিন্তু এই খেতি কৰি ধন ঘটিবলৈ হলে দহজনে মিলি যৌথ কাৰবাৰ কৰিবলৈ আৰম্ভণতে ভালেমান ধন লাগে । আমাৰ অসমীয়াই এতিয়াও শিকা নাই । পৰস্পৰৰ ভিতৰত বিশ্বাসৰ
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৫৫
অৱয়ব