(82) এনেস্থলত পৰৰ অনুকৰণ কৰা ব্যাধিটো হোৱা উচিত নহয় । মৌলিক নাট ৰচিবলৈ অৱশ্যে বিশেষ প্রতিভাৰ আৰু শিল্প নৈপুণ্যতাৰ আৱশ্যক। তদুপৰি নাট লিখকজন অসমীয়া গীত, ৰাগ, পদত সম্পূর্ণ ওষ্টাদ হব নোৱাৰিলেও সঙ্গীতত এফেৰা অভিজ্ঞতা থকা বিধৰো হব লাগে । নাটবিলাক ওখ ভাবব, ওথ আৰ্হিৰ হব লাগিব। তেহে নাটে জাতিটোক উন্নত কৰিব। নাটৰ আৰ্হি যদি বেয়া হয়, তেন্তে অসমীয়া সমাজ আৰু তললৈ যাব । সেই উপন্যাস—যদিও উপন্যাস বোলা বস্তুটো পশ্চিম জগতৰ পৰা অৰ্থাৎ ইউৰোপৰ পৰা আমদানি হোৱা বস্তু, তথাপি বৰ্ত্তমান সভ্যতাৰ যুগত ই সকলোৰে দৰ্কাৰি হৈ পৰিছে। ভাল উপন্যাসে যেনেকৈ এটা পঢ়ুৱা ল্যাজ গঢ়িব পাৰে, আজিকালি আন সাহিত্যই সিমান নোৱাৰে । পুৰুভাব থকাৰ কাৰণে যে অসমীয়াই উপন্যাস ভাল নাপায় মোৰ বোধেৰে সেইটো নহয় । দুই এজনে— যি সদায় গধূৰ ভাব লৈ থাকে, অথবা দর্শন, বিজ্ঞান, প্রত্নতত্ত্ব, ইত্যাদিৰ আলোচনাত লাগি থাকে, সকলে—অৱশ্যে উপন্যাস পঢ়িবলৈ তাল নাপাব পাৰে, সময়ো নাপায় । সেই সকলে এইবিলাক গধুৰ বিষয়ত ডুবি থাকে। কিন্তু সেই সকলত ৰাজে সচৰাচৰ, সৰ্ব্বসাধাৰণ অসমীয়া মানুহকো উপন্যাস লাগে--অন্ততঃ আজৰি সময়ফেৰা কটাবলৈ উপন্যাসৰ আশ্ৰয় লাগে। অথবা ৰেলে জাহাজে যাওঁতে সময় কটাবলৈকো আজিকালি উপন্যাস লাগে—যদি সেই উপন্যাস ভাল হয়, মনমোহা সৌন্দর্য্যেৰে, ওথ ধৰ্ম্ম আৰু নীতিৰ ভাবেবে পবি- পুৰিত হয়। যদি অসমীয়াই উপন্যাস ভালকে নাপায়, তেন্তে অনেকেই সোপা-সোপে বঙালী, ইংৰাজী উপন্যাস কিনি পড়ে কেলেই ? অৱশ্যে অসমীয়াৰ মাজত এতিয়াও স্কটৰ দৰে, বঙ্কিমৰ দৰে, ভিক্টৰ হিউগৰ দৰে, আলেকজেণ্ডাৰ ডুমাচ, ডিকেনচ, থেকাৰে, মেৰি কৰিয়েলীৰ দৰে, 8
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৫১
অৱয়ব