সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 88 ) বৰ্ত্তমান কালৰ ৰুচিৰ উপযুক্ত কৰি, অলপ-অচৰপ সাল-সলনি কৰিলৈও বক্ষা কৰা উচিত। পৌৰাণিক বৃত্তান্তৰ বা আহোম আৰু তাৰ উপৰি ৰজাসকলৰ কালৰ বিশেষ ঘটনা অৱলম্বন কৰি, বৰ্ত্তমান সমাজৰ আচাৰ ব্যৱহাৰ, অভাব ইত্যাদি লৈ, বৰ্ত্তমান সময়ৰ ভাব আৰু যত যেনেকুৱা দৃশ্য লাগে তেনেকুৱা দৃশ্য দি, বাগ-বাগিণীযুক্ত সুৱলা সুৱলা মৌলিক গীত দি নাট যুগুত কবি, যদি আমাৰ ৰঙ্গমঞ্চ বিলাকত তোলা হয়, তেনেহলে মোৰ বোধেৰে আমাৰ অসমীয়া নাটবিলাক অতি উপাদেয় হব। দুখৰ বিষয় এইটো নকবি, অনেক ঠাইতে কেৱে কেৱে হেনো কলিকতাত অভিনীত হোৱা কোনো কোনো নাটকৰ শব্দৰ সলনি শব্দ বহুৱাই নকল কৰি আমাৰ ৰঙ্গমঞ্চ বিলাকত তোলো, এইটো ভাল হোৱা নাই । গল বেলি এই বিষয় লৈ মোৰ শ্ৰীযুত বেজবৰুৱা ডাঙৰীয়াই সৈতে ভালেমান কথা হৈছিল। তেওঁ আৰু আগব আমি পুৰণি বৃদ্ধসকলে একালত এই অভাজন এনেকুৱা নাট হোৱাটো বাঞ্ছণীয় নেদেখোঁ ৷ বুদ্ধয়ো থিয়েটাৰত উঠি অভিনয় কৰিছিলোঁ । গুৱাহাটীত যেতিয়া প্রথম থিয়েটাৰ কৰিবলৈ ওলাওঁ, তেতিয়া নাটৰ অভাৱত আমাৰ দলৰ দুই এজনে বঙালী নাট তর্জ্জমা কৰি থিয়েটাৰ কৰিবলৈ ওলাইছিল; কিন্তু সেই দলত এই অভাজন আৰু বৰ্ত্তমান বায় বাহাদুৰ শ্ৰীযুত কনকলাল বৰুৱা থকাৰ কাৰণে সেইটো হবলৈ নাপালে। তেওঁ, ম‍ই, আৰু ৺গোপালকৃষ্ণ দে এই তিনিওজনে মিলি মহাভাৰতৰ পৰা কেৱল ঘটনাটো লৈ, সাবিত্রী-সত্যবান নাট ৰচি, তাত শ্ৰীযুত বায় বাহাদুৰ বৰুৱাই – “জয় জয় কৃষ্ণ গোলোক বিহাৰী” আজি এনেকুৱা ওখ ধৰণৰ মৌলিক গীত ৰচি থিয়েটাৰ কৰিছিলোঁ । কালি অসমত যথেষ্ট শিক্ষা বিস্তাৰ হৈছে। যথেষ্ট বি, এ, এম, এ, প্রতিভাশালী সাহিত্যিক আছে। নাটো দেখোন ঢেৰ ৰচিত হৈছে। আজি ৩৫ বছৰ হল,