(৩)
কপালত ৰামক উঠি ফুৰিবলৈ ঘোৰা এটা খোজোঁতে ৰামে মৰা ঘোৰা এটা বাটৰ পৰা টানি পেলাবলৈ দিয়াৰ দৰে, হেবেদা বোলা হাবি এডোখৰৰ মাজত বাস হৈছে । বৃন্দাবনৰ গোপ-গোপিকা সকলক দেখাৰ সলনি পুৱা শুই উঠিবৰে পৰা কুলি, কুলিয়নী, কুলিৰ লৰা-ছোৱালী এনেকুৱা সকল গোপ গোপিনীকহে দেখাত পৰিছোঁ। বৃন্দাবনৰ গছ, লতা, তৰু, তৃণ ইত্যাদিৰ ঠাইত - কেজোপামান চাহৰ গছ, খাল, কোৰোকানি, হোলা, কাঠনি হাবি ইত্যাদিৰ মাত ফুৰাত পৰিছোঁ। বৃন্দাবনৰ ম'ৰা চৰাইৰ কেকা ধ্বনিৰ সলনি দিনত হলে হলৌ বান্দৰৰ চিঞৰ আৰু নিশা হলে কেতিয়াবা কেতিয়াবা বনৰজাৰ মাত শুনিবলৈ পাওঁ । হওক এইবিলাক সুভোগ বা দুর্ভোগ; তাত মই আপত্তি নকৰিলোহেতেন (কিয়নো এইবিলাক মোৰ স্বোপার্জিত কৰ্ম্মফল) যদি পিতৃ পিতামহৰ পন্থ অনুসৰণ কৰি আৰু আমাৰ মহাপুৰুষ গুৰুৰ—“ভাই মুখে ৰাম বোলা হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ ” এই ঘোষ৷ ফাকি স্মৰণ কৰি পুৱা গধূলি এখন্তেক নাম লবলৈ বহোঁতেও, পৰিক্ষীতৰ হাতত নিগৃহীত হৈও দুষ্ট কলিয়ে বিঘিনি পেলাই, প্ৰভুৰ ৰূপটো (সেই ত্রিভঙ্গ মুৰ্ত্তি শ্যামৰ ৰূপটো) মনলৈ আহিব নিদি, তাৰ ঠাইত কিবা বোলে সেই কলা কলা পিকু, সুচাঙ ইত্যাদি বস্তুবিলাক মনত পেলাই নিদিলেহেতেন, আৰু কেতিয়াবা কেতিয়াবা পূৰণি সেই লিখা পঢ়া কৰিব খোজা ব্যাধিটো উক্ দি কাগজ কলম লৈ বহাত, হয় কলৰ উং উং চিঞৰে অথবা কোনো বাবুৰ বা কুলিৰ খেচমেচনিয়ে, যৰে কাগজ কলম ততে পেলোৱাই, হয় কল ঘৰলৈ, নতুবা চাহ গছৰ মাজলৈ লৰ নধৰালেহেতেন ।
এনেকুৱা বিলাক দুৰ্যোগত পৰি এই বৃদ্ধৰ এতিয়াও সাহিত্য বা ভাষা চর্চ্চা কৰাটো এক প্ৰকাৰ দুৰস্তাং হৈ পৰিছে৷ এইবিলাক কাৰণতে হে মই নিজক অনুপযুক্ত অলায়েক ভাবি এই গুৰুভাৰখন কান্ধত লবলৈ অপাৰগ বুলি