( 89 ) = বিশ্বৰ বিকাশ এফেৰা দেখুৱাইছে। কিন্তু শেহত সংসাৰত প্রবেশ কৰিলে তেওঁলোকৰ গতি কি হয়গৈ সেইটো বিধতাই হে জানে । করে চেষ্টা কৰি কবি হব অৱশ্যে নোৱাৰে। কবি জন্মিব লাগে । প্রখ ভাবৰ, আৰ্হিৰ কবিতা নহলে সচৰাচৰ বজৰুৱা কবিতা, ডেকা গাভৰুৰ সাংসাৰিক প্ৰেমৰ, অথবা আগলৈ উঠি অহা ডেকাৰ ৰূপজ প্ৰেমৰ কবিতা হোৱাতকৈ, এই অভাজনৰ বোধেৰে কবিতা নোহোৱাই ভাল । আমাক ভগবৎ প্রেম, স্বদেশ প্রেম, বিশ্বজনীন প্ৰেমৰহে কবিতা লাগে ৷ নাট্য সাহিত্য—আমাৰ অৱতাৰি পুৰুষসকলৰ কৃপাত আমাৰ পুৰণি অঙ্কীয়া নাট ভালেমান আছে । আগেয়ে আমাৰ ৰাজহুৱা নামঘৰবিলাকত বছৰি তিথিয়ে-উৎসৱে অঙ্কীয়া নাটবিলাকেৰে ভাৱনা হৈছিল । কিন্তু দুখ বিষয় আজি কালি এই ভাৱনা বোলা বস্তুটো উঠি যাব ধৰিছে । ইৱাৰ কাৰণ মই যিমান দূৰ বুজিছোঁ, ৰাইজৰ থোৱা-পিন্ধাৰ আকাল ; আৰু তদুপৰি আমি শিক্ষিতসকলে আজিকালি আগৰ মানুহৰ দৰে ধৰ্ম্মত প্রগাঢ় বিশ্বান এৰিলোঁ—আমি বঙ্গালী যাত্ৰা, আৰু থিয়েটাৰ দেখি ভাৱনালৈ অৱহেলা কৰাত পৰিলোঁ ; আৰু আমাৰ এইবিলাক আচৰণত, দেখাক দেখি, অর্থাৎ শিক্ষিত আৰু ডাঙৰ্সকল যি বাটেদি যায় অশিক্ষিত আৰু সৰু সকলেও সেই বাটকে ধবি, গাঁৱলীয়া সমাজবিলাকেও ভাৱনা বোলা বস্তুটো এবি আধা বঙলুৱা মাতেৰেই কৰা যাত্রা, থিয়েটাৰক চাবলৈ ভালপোৱাত পৰিছে । আন কি সত্ৰবিলাকতো আজিকালি ভাৱনা প্রায় উঠি যাব ধৰিছে। 'আগৰ অঙ্কীয়া নাটবিলাকত প্রত্যেকজন ভাৱৰীৱাই নাচি নাচি অহাৰ বাবে আৰু চো-বিলাক কুধচ, কিমাকাৰ হোৱাৰ বাবেহে যদি অঙ্কীয়া নাটলৈ আমাৰ অৱহেলা হৈছে, তেন্তে শিক্ষিতসকলে আৰু --সত্ৰত থকা ওঝা, গাৱন, বায়ন এই সকলে অঙ্কীয়া নাট বিলাককো
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৪৯
অৱয়ব