( 80 ) নঙ্গুৰি, খুতিতাল, বীণ, চেবেন্দা, টোকাৰি ইত্যাদি বাদ্য যন্ত্রও দি গৈছে! কিন্তু দুখৰ বিষয় আজি কালি আমি শিক্ষিতসকলে যে বৰগীত গাব নেজানোৱেই, আন কি গাঁও আৰু সত্ৰবিলাকতো আজি কালি বৰগীতৰ পৰিবৰ্ত্তে বঙ্গালী গান চলন্তি হব ধৰিছে। অসমীয়া মানুহে বঙালী ভাষাত গীত গালে সেই গীততো সুৱলা নহয়েই বরং যে হাস্যপদ হে হয়, সেইটো কথালই অনেকেই মন নকৰে । আমাৰ অসমীয়া জাতিটোৰ হেনো স্ত্রীভাবতকৈয়ো পুৰুষ ভাব বেছি। সেই কাৰণেই অসমীয়াৰ ৰাপ আৰু উৎকৰ্ষতা বৰগীতত। বঙ্গালীৰ বাপ্ আৰু উৎকৰ্ষতা ধপকীৰ্ত্তনত, ৰামপ্রসাদী সুৰৰ গীতত আৰু ইদানিং ব্ৰহ্মসঙ্গীতত। কৰি গালে হানি হব। এই দেখি বৰ্ত্তমানত আমাৰ শিক্ষিত সকলৰ কৰ্ত্তব্য হৈছে, এই বৰগীত আৰু আমাৰ পুৰণি নাম, পদ, ঘোষা এইবিলাক শিক্ষা কৰা আৰু আমাৰ মাজত বহুল প্ৰচাৰ কৰা ৷ অৱশ্যে মই এইটো নকওঁ শুদ্ধ: অসমীয়া ভাষাত বাগিনীযুক্ত মৌলিক গীত ৰচনা কিন্তু প্রতিভা নথকা, মৌলিক গীত ৰচিব নোৱাবা মানুহে যদি বঙ্গালী গীত বিলাক চাই চাই শব্দৰ সলনি শব্দ দি বাগিনীযুক্ত গীত বচে অথবা তর্জ্জমা কৰে, তেন্তে আমাৰ অকল যে হানি হব সেইটো নহয়, আমি হাতাপদো হম। সুখৰ বিষয় আমাৰ মাজত বৰ্ত্তমান কালত ৰাগিনী যুক্ত মৌলিক গীত ৰচিব পৰা শ্ৰীযুত পদ্মধৰ চলিহা এম এ বি এলৰ দৰে মানুহ আছে। মই কওঁ, নতুন মৌলিক বাগিনীযুক্ত গীত সোমাওক তাত হানি নাই; কিন্তু আমি সাৱধান হব লাগিব যে আমাৰ নিজা বস্তু, শঙ্কৰ মাধবে দি যোৱা বস্তু, জাতিগত, চৰিত্ৰগত, পুৰুষভাবৰ বাগযুক্ত বৰগীত, নাম, পদ, ঘোষা আমাৰ মাজৰ পৰা যেন কালক্রমে উঠি নাযায় । আমাৰ শিক্ষিত সকলে, আগলৈ উঠি অহা ডেকাসকলে, এতিয়াৰে পৰা বৰগীত, ঘোষা, নাম, পদ আমাৰ
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৪৭
অৱয়ব