সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 43 ) আছে। বৰ্ত্তমানত আমাৰ মচ্ লেম্ ভাতৃ সকলে সাধনা, ইছলামি আখবৰ নামৰ দুখান মাহেকীয়া কাকত উলিয়াই আমাক চলেম্ জগতৰ জ্ঞান বাণি দেখুৱাই, আৰু মচ লেম্‌ ধৰ্ম্ম আৰু নীতি সম্পর্কে অনেক তথ্য জানিব নি, এই যুগ' পৰিবৰ্ত্তনৰ সময়ত ধৰ্ম্ম আৰু নীতিৰ তত্ত্ববিশাক প্রকাশ কৰি খুৱাব লাগিছে যে মূলত সকলো ধৰ্ম্ম একে, মানব মাত্ৰেই পৰস্পৰ ভাতৃ - আৰু পৰম পিতা পৰমেশ্বৰ যদিও জাতিয়ে জাতিয়ে নামত বেলেগ হৈছে,- তথাপি একেজনেই, যি জনে এই স্থাৱৰ, জঙ্গম, কীট, পতঙ্গ, হিন্দু, মচলমান, তৃতীয়ান, ইহুদী বৌধ, জৈন সকলোকে সৃজন কৰিছে। বৰ্ত্তমান জাগৰণৰ কাণত, মোৰ বিশ্বাস অসমীয়া সাহিত্যিক সকলৰ কেৱে বহি থকা নাই। দেহে পাৰিছে সেয়ে পুথি লেখি লাভৰ মুখলৈ নাচায়ো দুখেৰে অৰ্জা ধনৰ পালি পাৰি অৰ্থাৎ লোকচান্ ভৰিও পুথি ছপাব লাগিছে। বৰ্ত্তমানে অসমত সাদিনীয়া বাতৰি কাকত অসমীয়া, মাহেকীয়া কাকত বাঁহী, চেতনা, প্রভাতী, জননী, খেতিয়ক, পশু পালন, পষেকীয়া কাকত আসাম হিতৈষী, শিশুসকলৰ কাৰণে মাহেকীয়া অৰুণ, তিনিমহীয়া কাকত মিলন, সাধনা, প্রভাত, জেউতি, 'এইবিলাক কাকত চলিছে ৷ মোৰ বন্ধু সকল ! এইবিলাকলৈ চাই আমাৰ অসমীয়া ভাষা আৰু সাহিত্যৰ যে আৰু উন্নতি হব, অসমীয়া সাহিত্যৰূপী গছ জোপা যে ফুলে কলে আৰু জকনকীয়া হৈ উঠিব, এইটো পোনপতিবে হলে সহজে আশা। কৰিব পাৰি। কিন্তু এই অভাজনে এইটোও নজনাই নোৱাৰোঁ— যে বৰ্ত্তমানে আমাৰ সাহিত্য কেবা বিষয়তো পিছ পৰি আছে, আৰু আমাৰ ভাষা আৰু সাহিত্যৰ সমুখত, আন কি অসমীয়াৰ জাতীয়তাব সন্মুখতো, ঘোৰ বিপদৰ ডাৱৰেও দেখা দিছে । বিপদৰ ডাৱৰটো নো কি তাক জনোৱাৰ আগেয়ে আমাৰ নো বৰ্ত্তমান অভাব কি কি তাক জনা উচিত । কিন্তু সুখৰ বিষয় যে এই অভাব বিলাকৰ কথা মোক