( 82 ) কালত “অসম হিতৈষী” নামেৰে পষেকীয়া কাকত এখান সম্পাদন কৰিব লাগিছে। গভীৰ গবেষণা পূর্ণ সামাজিক আৰু দার্শনিক বিষয়ৰ মৌলিক প্ৰৱন্ধেৰে আমাৰ ভাষা আৰু সাহিত্যৰ সম্পদ বঢ়াইছে। আমাৰ পিছৰ খাপৰো স্বদেশ-প্রেমিক, সাহিত্যানুৰাগী, উচ্চশিক্ষিত ডেকা কেইজন মানেও অসমীয়া ভাষাত পুথি লেখি আছে। সেই সকলৰ ভিতৰত শ্ৰীযুত দুৰ্গেশ্বৰ শৰ্ম্মা বি এল ই এ চি, শ্ৰীযুত শৰৎ চন্দ্ৰ গোস্বামী প্রভু— আমাৰ বৰ্ত্তমান প্রধান সম্পাদক, শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱা ডাঙৰীয়া শ্ৰীযুত অম্বিকাগিৰি ৰায় চৌধুৰী এই সকলৰ নাম নলৈ নোৱাৰোঁ। এই প্রত্যেকজনেই প্রতিভাশালী সাহিত্যিক । বৰ্ত্তমান বিশ্ববিদ্যালয়ৰ অতি ওথ খাপৰ মহলা পাছ কৰা উচ্ছ শিক্ষিত ডেকা বন্ধু কেইজনমানে নানা বাধা বিধিনৰি মাজত থাকিও অসমীয়া সাহিত্য চর্চ্চা কৰিছে। এই সকল প্রতিভাশালী ডেকাৰ ভিতৰত শ্ৰীযুত সূৰ্য্যকুমাৰ ভুঞা এম এ বিল, শ্ৰীযুত পদ্মধৰ চলিহা এম এ বি এল, শ্ৰীযুত বাণীকান্ত কাকতি এম এ শ্রীযুত ডিম্বেশ্বৰ নেওগ বি এচ-চি, শ্ৰীযুত জ্ঞাননাথ বৰা বি এল, এই সকলৰ নাম উল্লেখযোগ্য। এই সকল আৰু আন আন সকলৰ পৰাও অসময়া ভাষা আৰু সাহিত্যই আগলৈ বহুল উন্নতিৰ আশা কৰে। এই সকলত বাজেও আৰু অনেক অসমীয়া সাহিত্যিক বৰ্ত্তমান কালত হৈছে। অসমৰ ছাত্ৰ সম্মিলনৰ পৰাও বৰ্ত্তমান সময়ত সাহিত্যৰ উন্নতি হব ধৰিছে। আমাৰ মনত এটা খুকুৰি আছিল যে আজি ছবছৰ আগলৈকে অকল আমাৰ মৌলবী মফিজুদ্দিন আহমদ হাজৰিকাত বাজে আমাৰ আন আন শিক্ষিত মচলমান ভাতৃসকল অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি উদাসীন আছিল। কিন্তু সুখৰ বিষয় আজি ছবছৰ মানৰ পৰা আমাৰ দুই চাৰিজন মচ্ লেম্ ভাতৃয়েও, যোৰহাটৰ নাটক লিখক পজিদ্দিন আহ্মদকে আদি কৰি, অসমীয়া ভাষা আৰু সাহিত্য সেৱাত লাগি মানৰ
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৪৪
অৱয়ব