সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৪১ ) স্পাদকৰ কাম কৰি ছপোৱাই উলিয়ালে। কথা গীতা, পুৰণি বুৰঞ্জি ম্পাদন কৰি ছপোৱাইছে । অসমৰ শিলৰ ফলি, আৰু ফলিবিলাকৰ পাঠ উদ্ধাৰ কৰি অসম বুৰঞ্জীৰ তথ্য উলিয়াব লাগিছে। কথা গীতা ছপোৱাই সেই কথা গীতা আচার্য্য প্রফুল্লচন্দ্র বায়ক, মহাত্মা গান্ধিক দেখুৱাই অসমীয়া যে কিমান পুৰণি এই কথা ৰাইজক দেখুৱাইছে ৷ বিশ্ববিদ্যালয়ৰ ভাইস্ চাঞ্চেলাৰ পুৰুষ ব্যাঘ্ৰ সাৰ আশুতোষ মুখার্জিৰ লগত চিনা পৰিচয় তৈ, বন্ধুত্ব স্থাপন কবি, অসমীয়া ভাষাক এম, এ, মহলা পর্য্যন্ত ঠাই দিয়াই অসমীয়া ভাষা আৰু সাহিত্যক গৌৰবান্বিত কৰিছে। আৰু এতিয়াও =ভোলানাথ বৰুৱাই দি যোৱা টকাৰে ইন্‌টাৰমিডিয়েট, বি, এ, এম, এ এইবিলাক মহলাৰ পাঠ্য অসমীয়া পুথি যুগুত কৰাত লাগিয়ে আছে। আমাৰ সুযোগ্য বন্ধু শ্ৰীযুত বেণুধৰ ৰাজখোৱা বি-এ, ই, এ, চি ভাঙ্গৰীয়াই নিজ দুখেৰে অর্জ। গাঠিৰ ধন ভগন কৰি, লাভলৈ আন কি মুললৈকো একো আশা নাবাখি, কিতাপৰ পিছত কিতাপ ইংৰাজী আৰু অসমীয়া ভাষাত ছপা কৰিবই লাগিছে । তেওঁ পুথি ছপোৱাত যিমান্ খৰচ কৰিছে, তেওঁৰ দৰে সিমান আন কোনোবাজনে কৰিছে বুলি মই কব নোৱাৰোঁ ৷ তেওঁৰ নামঘোষাৰ আৰু কাণ-খোৱাৰ ইংৰাজী তর্জ্জমাই, ডিমলজি অর্থাৎ প্রেতাত্মা সকলৰ বিষয়ে লিখা ইংৰাজী মৌলিক পুথিথনে অসমীয়াৰ ধৰ্ম্ম আৰু আধ্যাত্মিকতা এক কালে নহয় এক কালে জগতক দেখুৱাব । তেওঁৰ খণ্ডবাক্য কোষখন অর্থ মোৰ মনেৰে অতুলনীয় । বায় বাহাদুৰ শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ ভাঙৰীয়াই অসমীয়া ভাষা আৰু সাহিত্যৰ অৰ্থে কি যে মহৎ দান কৰিছে তাক আপোনালোকে সকলোৱে জানে। শ্রীযুত কমলাকান্ত ভট্টাচাৰ্য্য ডাঙৰীয়াইও সেই কালৰে পৰা এতিয়ালৈকে অসমীয়া ভাষা আৰু সাহিত্য চৰ্চা কৰিবই লাগিছে; আৰু এতিয়া এই বৃদ্ধ বয়সতো কলিকতাৰ পৰা