( 80 ) মৌলবী মফিজুদ্দিন আহমদ মনত পৰে “মই অসমলৈ গৈ চাৰ ওৱালটাৰ স্কটৰ দৰে এশাৰী 'অসমীয়া উপন্যাস লিখি অসমত এটা পঢ়ুৱা সমাজ গঢ়িম ।” বন্ধুবৰ কৈছিল :— “চাবা ভাইটি উপন্যাস লেখি যেন অসমীয়া ডেকাবিলাকক বেয়াৰ বাটলৈ নিনিয়া ।” এই অভাজনে কইছিলোঁ “উপন্যাসেৰে মোৰ দেশৰ ভাতৃসকলৰ ঈশ্বৰলৈ মন আকৰ্ষণ কৰিম।” বন্ধুসকল ! সৰু মুখত ইমান ডাঙৰ কথা ওলাইছিল! কিন্তু কলে কি হব। অভাজনে কথামতে সম্পূর্ণে কাম কৰিব নোৱাৰিলোঁ । সুখৰ বিষয় সেই কালৰ বন্ধুসকলৰ ভিতৰত শ্ৰদ্ধাপদ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই, পূজ্যপাদ শ্রীযুত হেমচন্দ্ৰ গোস্বামীয়ে, বন্ধুবৰ ৰায় ছাহাব শ্ৰীযুত 'পদ্মনাথ গোঁহাই বৰুৱাই আৰু শ্ৰীযুত বেণুধৰ ৰাজখোৱা ই, এ, চি, ডাঙৰীয়াই সেই কালৰে পৰা এতিয়ালৈকে অসমীয়া সাহিত্য সেবিয়েই আছে। মুচলমান ভাতৃ সকলৰ ভিতৰত মোৰ বন্ধু হাজৰিকাইও সাহিত্য সেবা কবি আছে। লই বন্ধুবৰ শ্ৰদ্ধাস্পদ শ্ৰীযুত চন্দ্ৰকুমাৰ আগ্ৰাৱালাদেৱে এতিয়ালৈকে সেই কালৰে পৰা অসমীয়া ভাষাত পদ্য যে লিখিছেই, তাৰ লগে লগে বাঁহী আৰু “অসমীয়া” বাতৰি কাকতৰ পৃষ্ঠপোষকতা কৰিব লাগিছে । বন্ধুবৰ শ্ৰীযুত বেজবৰুয়া ডাঙৰীয়াই, গ্য, পদ্ম, প্রত্নতত্ত্ব, হাঁহি, ধেমালি নাট লিখি অসমীয়া ভাষাক এটা সুন্দৰ গঢ় দিছে—তেজোময় কৰি তুলিছে। বৰ্ত্তমান কালত অসমীয়া ভাষা আৰু সাহিত্য বেজবৰুৱা ডাঙ্গৰীয়াৰ ওচৰত কম ধৰুৱা নহয়। শ্ৰীযুত হেমচন্দ্র গোস্বামী প্রভুয়ে এই বুঢ়া বয়সলৈকে অশেষ হাড়-ভাঙ্গা ৰজাঘৰীয়া চাকৰি কৰি থকা স্বত্বেও প্রত্নতত্ত্ব আলোচনা কৰি আছে। সাহিত্য সেবা কৰিব লাগিছে। ৺হেমচন্দ্ৰ বৰুৱাই লিখি থৈ যোৱা অভিধানখান অশেষ যত্ন কৰি গবর্নমেণ্টৰ হতুৱাই কটন ছাহাবৰ দিনত কর্নেল গর্ডন চাহাবে সৈতে লগলাগি পিতৃ পুৰুষৰ আৰ্হি আগত
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৪২
অৱয়ব