(২)
অমৃতৰ সলনি গুড়ৰ দৰে, অথবা গছ নোহোৱা দেশত “এৰণ্ডোঽপি ক্ৰমান্নতে” হোৱাৰ দৰে, যোগ্যবান হলুহেতেন। মই যে অকল এটা পূৰ্ব্বাপৰ চলি অহা জনাব লগীয়া শিষ্টাচাৰ ভাব মনত লৈহে নিজক নিজে অযোগ্য বুলিছোঁ সেইটো নহয়। এই অভাজনে এতিয়ালৈকে অসমীয়া ভাষা আৰু সাহিত্যৰ অৰ্থে যিমান খিনি কৰিব লাগিছিল, সিমানখিনি কৰিব পৰা নাই বাবেই, মই এই গৌৰবান্বিত আসনৰ যোগ্য হোৱা নাই।
তাহানিখন কলিকতাৰ কলেজত পঢ়োতে মোৰ সহপাঠী আজিকালি প্ৰবীণ সাহিত্য মহাৰথি, ৰাথ বন্ধু কেজনৰ আৰ্হিৰে এই অভাজনৰো মাতৃ ভাষা সেবিবলৈ, অসমীয়া সাহিত্য সেবিবলৈ, এটা সংকল্প আছিল। এই নিঃকিনব হৃদৰ তন্ত্ৰীত বাজিছিল যে পঢ়া-শুনা শেহ কৰি, জীবিকাৰ উপায় এটা অবলম্বন কৰি, মাতৃ ভাষাত এক শাৰী উপন্যাস লেখিম আৰু সেই উপন্যাসেৰে অসমত এটা পঢ়ুয়া সমাজ গঢ়িম। কিন্তু কলে কি হব, যেনেকৈ ভাবিছিলোঁ তেনেকৈ কাম কৰিব নোৱাৰিলোঁ। যি ডোখৰ কালত মন বলী আছিল, কল্পনা শক্তি প্ৰবল আছিল, সেইকাল ডোখৰত নিজৰ জীবিকাৰ অৰ্থে পোনে প্ৰথমে ৰজাঘৰীয়া কৰ্ম্মতে বৰকৈ আবদ্ধ হব লগীয়া হৈছিলোঁ। তাৰ পিছত অলপ জিৰণি পাই যেতিয়া কলিকতাৰ সংকল্প স্মৰণ কৰি কাপ মৈলাম তুলাপাতে লৈ বহিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া এই দুৰ্ভগীয়াই পূৰ্ব্বজন্মৰ পাপৰ ফলত ভাতৃ শোক, এটি এটিকৈ তিনটী পুত্ৰ শোক পাই, মাজে মাজে পূৰ্ব্ব সংকল্প পাহৰি আছিলোঁ।
পিছত, এতিয়া যদিও চাকৰিত থকা শেষ কাল ডোখৰত ভাবিছিলোঁ,, যে ৰজাঘৰীয়া কৰ্ম্মৰ অন্তত এই অভাজনে ঈশ্বৰ কৃষ্ণৰ বৃন্দাবনত, আৰু তাৰ লগে লগে মোৰ অসমীয়া ভাষাৰ সাহিত্য-বৃন্দাবনতো, বিচৰণ কৰি ফুৰিম, তথাপি নিজ কৰ্ম্মফলত, আৰু লক্ষ্মীকো আৰাধনা কৰা, উচিত এনেকুৱা এটা ভাব মনত সোমোৱাৰ বাবে, এই বৃদ্ধৰ কপালত, সন্ন্যাসীৰ