সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৩১) পোন প্ৰথমতে শিবসিংহ ৰজাৰ ৰাণী ফুলেশ্বৰী মাদৈৰ শাক্ত ধৰ্ম্মত প্ৰৱল পৰায়ণতাই বৈষ্ণব ধৰ্ম্মত আশ্ৰয় কৰা মোৱামৰীয়া মহন্তক দিনাই বলেৰে নি গোসানী সেৱা কৰাই কপালত বলি দিয়া মহৰ তজেৰে ফোট দিয়ালে, সেই দিনাই অসমৰ ভাগ্যৰ বিপৰ্যায় ঘটিল । হন্তক অপমান করা খঙত, আৰু তাৰ লগতে কীৰ্ত্তিচন্দ্ৰ বৰ বৰুৱাই হৰ খোৰা মৰাণক দন্দ-বন্ধ কৰাৰ বেজাৰত, মহন্তৰ মোৱামৰীয়া দাসকলে তলে তলে গোট খাই, শিবসিংহ ৰজাৰ ভাতৃ অসন্তুষ্ট চিত্তৰ নাহনমালা গোঁহাইদেৱক লগত পাই, ৰজাৰ বিপক্ষে বিদ্ৰোহ আৰম্ভ চৰিলে। সেই বিদ্রোহত উজনি অসম লণ্ড-ভণ্ড হল। প্রায় তেনেকুৱা মরতে ভাটী অসমতো বদন বৰফুকনৰ অত্যাচাৰে, বিশেষকৈ তেওঁৰ ত্রে দুটিৰ পৈশাচিক ব্যবহাবে, দন্দুৱা দ্রোহ সৃজন কৰিলে। দৰঙ্গৰ কোচ জাইও “পূৰ্ব্ব শত্রু হেন জানি” আহোম ৰজাৰ বিৰুদ্ধে উঠিল। এই বিলাক বিদ্রোহত অসমৰ কেনেকুৱা অৱস্থা হৈছিল তাক আমি নিজে কেই মহাত্মা গেইট ছাহাবৰ বুৰঞ্জীৰে পৰা তুলি দিলোঁ ৷ “Where the Moamorias held sway, whole villages were lestroyed and the inhabitants robbed of all their possessions, were forced to flee the Country, or to eke vut a precarious existence by eating wild fruits and roots and the flesh of unclean animals. The couutry between Dergaon and Rongpur, once so highly cultivated, was found desolate by Captain Welsh and many large villages had been entirely deserted by their inhabitants. In Lower Assam, the Bengal mercenaries and gangs of maranding Banditti, who, flocked into the Province, caused, though less, wide spread havoc."