সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ওঁ শ্ৰীশ্ৰীগুৰবে নমঃ।
ওঁ নমো ভগবতে বাসুদেবায়।

 যি জন জগতৰ আদি কাৰণ, যাৰপৰা এই পৰিদৃশ্যমান জগতৰ জন্ম, স্থিতি, আৰু ধ্বংস হব লাগিছে, যি জনত “সূত্রে মণিগণা ইব” এই বিশ্ব-ব্রহ্মাণ্ড আশ্রয় কৰি আছে, যি জন অনাদি, অনন্ত, নির্গুণ, গুণ- নিয়ন্তা, সর্ব্বশক্তিমান, সচ্চিদানন্দ, মঙ্গলময়, যাৰ কৃপা হলে বোবাইও কথা কব পাৰে, পঙ্গুয়ে ও গিৰি লঙ্ঘিব পাৰে, সেইজন কৰুণাময়, আনন্দময়, গুণনিধি ভগবন্তক লক্ষ কোটীবাৰ দণ্ডবৎ কৰোঁ ৷ তেওঁৰ কৃপা নহলে আমাৰ কোনো কৰ্ম্ম সিদ্ধ হব নোৱাৰে। আহক, আমি সকলোৱে একমনে, এক ধ্যানে সেই পবিত্ৰ নামত আমাৰ সভা আৰম্ভ কৰোঁ।

 আদৰণি সমিতিৰ সভাপতি ডাঙৰীয়া, ভদ্র মহিলা, আৰু মহোদয় সকল, আপোনালোকে আজি আসাম সাহিত্য সভাৰ এই অষ্টম অধিবেশনত এই অভাজন বৃদ্ধক সভাপতি বৰণ কৰিছে। এই বাবে মই আপোনালোকক মোৰ শলাগ জনালোঁ ।

 মই এনেকুৱা এখান সদৌ অসমৰ সাহিত্য সভাৰ সভাপতি হবৰ উপযুক্ত নহওঁ। মোতকৈ যোগ্যতৰ সুজন অসম মাতৃৰ সন্তান, অসমীয়া ভাষাবিদ সাহিত্যিক আৰু অনেক আছে, যাৰ এজনক বহুউৱ৷ হলে এই আসন সুশোভিত হলহেতেন । মই এইখান গৌৰবান্বিত আসনৰ সিমান যোগ্য নহওঁ যদিও, “মধ্বাভাবে গুড়ং দদ্যাৎ” এই বচন অনুসৰি, অৰ্থাৎ মোতকৈ আৰু বিজ্ঞতম, যোগ্যবান মানুহ যি আপোনাসকলৰ কাণত সাহিত্য অমৃত ৰস ঢালি দিব পাৰিলেহেতেন, অসমত নথকা হলে— ময়ে