সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 22 ) ৰচিত হল । ৰাইজে লগ লাগি তাল বজাই হাতেৰে চাপৰি বজাই হৰিৰ নাম গাবলৈ শিকিলে। তিথিয়ে পর্ব্বে অসমত ভাৱনাৰ উৎসৱ হব ধৰিলে । কোন জনাই কি কি পুথি ৰচিছিল আৰু বৰ্ত্তমানৰ অসমীয়া সাহিত্যিক সকলৰ আৰু তেওঁলোকৰ কৰা সাহিত্যৰ কামৰ এটা লিষ্টি পৰিশিষ্টত দিয়া হল । এই লিষ্টি বা তালিকা যে সম্পুর্ণ আৰু নিৰ্ভুল, আৰু তাত যে দুই চাৰিজন সাহিত্যিকৰ নাম ৰৈ যোৱা নাই, এই কথা এই অভাজনে ডাঠি ক'ব নোৱাৰোঁ ৷ ভুল ভ্রান্তি থাকিলে বাইজে শুধৰাই লব । এই অভাজনে চমুকে ইমানকে কব পাৰোঁ যে প্রভু শঙ্কৰদেৱে কীৰ্ত্তন, দশম এই দুখানত বাজেও ১৭ সতৰ অঠাবান পদ পুথি, ১২ বাৰ খান অঙ্কীয়া। নাট লিখি গৈছে । মহাপুৰুষ গুৰুৱে হেজাৰী ঘোষা, বৰগীতৰ কিছুমান, ১১ এঘাৰ খান আন আন পদ পুথি আৰু ছয়খান অঙ্কীয়া নাট আমালৈ থৈ গৈছে। এই অনুক্ৰমে ৰাম সৰস্বতী, অনন্ত কন্দলি, শ্ৰীধৰ কন্দলি, চন্দ্র ভাবতী, পুৰুষোত্তম আৰু আন আন কবি সকলেও বিস্তৰ পুথি লেখি থৈ গইছে । এই শঙ্কৰি যুগত অসমীয়া গদ্য সাহিত্যৰো সৃষ্টি হৈছিল। এফালে আহোম ৰজাসকলে গদ্যত অন্য অন্য ৰাজ্যলৈ কটকিৰ মাতে চিঠি পত্রাদি দিছিল, গাত বুৰঞ্জী লেখাইছিল, আনফালে দামোদৰৰ প্ৰধান মহন্ত ভট্টদেৱে কথা গীতা, কথা ভাগৱত ৰচি অপূৰ্ব্ব গদ্য সাহিত্য আমাক দি গৈছে ৷ প্ৰভু শঙ্কৰদেৱ, মহাপুৰুষ মাধৱদেৱ, প্ৰভু দামোদৰ দেৱ, প্ৰভু হৰিদেৱ এই সকলৰ তিৰোভাবৰ পিছতো অসমীয়া সাহিত্যিক সকলে চাৰিওজন অৱতাৰি পুৰুষৰ, আৰু গোপাল আতা, শ্ৰীবাম আতা, এইসকলৰো চরিত্র আহোম ৰজাৰ আদেশত সাগৰ খৰিয়ে পুথি পদত ৰচনা কৰি গল । অশ্বনিদান, আন এজনে হস্তীবিদ্যার্ণব, বকুল কায়স্থে লীলাৱতী, অঙ্কৰ পুথি,