( ১৯ ) ভোৰেও ব্রাউন ছাহাবে তেওঁৰ ব্যাকৰণত লিখিছে যে অসমীয়া ভাষা- ভাত শতকৰা অকা ভাষার ৭ সাতোটা, বর্মিজ ভাষাৰ ৫টা, খামতিৰ ১টা, জাবৰৰ ১টা, মিচ মিব ১৩ টা শব্দ আছে। বাকী ৭৩ টা শব্দ সংস্কৃত মূলক । নাৰ বোধেৰে এই বাকী ৭৩ টাৰ ভিতৰত আহোমৰ অতি কমেও ৫টা, আছি, আৰবী, উর্দূৰ ৫টা, কচাৰীৰ ৩টা শব্দ আছে ৷ থাকিবৰে কথা ৷ অসমত এই সমস্ত জাতিয়েই কালে কালে অলপ অচৰপ প্রভাব পেলাই নাহিছে। পচিম ভাৰতৰ পৰা আৰ্য্য জাতিব হিন্দুস্থানী, গুজৰাটী, নৌজীয়া, উড়িয়া, মহাবাট্টী মানুহ আহি যেনেকৈ অসমীয়া হৈছিল, বইদৰে অসমৰ ই তিনি ফালৰ পৰাও আমাৰ আহোম ভাতৃ সকল, তব্বত বর্মন জাতিসকল, আন কি অনেক চিংফৌ, খাম্তি, মৰান, মিৰিব, চমি, মিকিব, ডফলা, লালুং, গাৰো ইত্যাদি জাতৰ মানুহেও হিন্দু কৰ্ম্ম লই, অসমীয়া ভাষা লই, অসমীয়া হৈ গইছে। ইদানিঙতো আমাৰ উচৰ চুবুৰীয়া মিৰিসকল, খাতি সকল, ভৈয়ামত আহি বসতি কৰা কিছুমান গা, ডফলা, গাৰো, মিচমি এই সমস্তই আমাৰ বুকৰ বান্ধ অসমীয়াহে ৷ আগৰ পৰা নহলেও মহাত্মা হিউয়েনচাঙৰ দিনৰে পৰা যে আমাৰ এই অসমীয়া ভাষাটো এটা সাহিত্যিক ভাষা আছিল ইয়াৰ প্ৰমাণ ডাকৰ শুন, দীপিকাছন্দ, এই দুই পুথিত পোৱা যায় ৷ মধ্য অসমত কচাৰী ৰজাৰ ৰাজত্ব কালত, খৃষ্টীয় পঞ্চদশ শতিকাত, বৰাহী মহামাণিক্য বজাৰ অনুৰোধত, মাধব কন্দলিয়ে সাতোকাও ৰামায়ণ মূল সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ ভাঙ্গিছিল । মাধব কন্দলিয়ে ৰামায়ণৰ শেষ কাণ্ডত এই কথা এইদৰে লেখিছে : কবিৰাজ কন্দলি যে— আমাকেসে বুলিচয় কহিলোঁহো সৰ্ব্বজন বোধে
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/২১
অৱয়ব