(১৮) সৈতে প্রায় মিল পাইছিল আৰু এই কারণেই অলপতে আমাৰ শ্ৰদ্ধাপদ বন্ধু শ্ৰীযুত কমলাকান্ত ভট্টাচাৰ্য্যই “আসাম হিতৈষী” বোলা পোন্ধৰদিনীয়া কাকত খনত লিখা মতে অসমীয়া ভাষাৰ অনেক শব্দ আৰু বাক্য বিন্যাস মহাৰাষ্ট্ৰী ভাষাৰ লগত যে মিলেই, আন কি অসমীয়া মানুহৰ স্বভাব আৰু প্রকৃতিও মহাৰাট্টা সকলৰ দৰেই আৰু হেনো আমাৰ কলিতা জাতটো কি জানি ক্ষত্রিয় মহাবাট্টা কতা জাতবে পৰা উদ্ভব । মহাত্মা হিউয়েন চাঙে সেই কালৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মা আৰু কামৰূপী প্ৰজাকো যে বিদ্যোৎসাহী স্মৃতিশক্তি বিশিষ্ট পাইছিল, সেইটো একো আচৰিত নহয় । সেইকালত অসমীয়া মানুহ যেনেকুৱা হৃষ্ট-পুষ্ট আৰু বলিষ্ঠ আছিল সেইদৰে বিদ্বান, পণ্ডিত আৰু ধাৰ্ম্মিকো আছিল । সেই কালত কামৰূপ বিদ্যা- চৰ্চাৰ এখান কেন্দ্ৰস্থান আছিল । দর্শন, বিজ্ঞান, বেদ, বেদান্ত, সংহিতা, তন্ত্র সাধনৰ, যোগ পুৰাণ এই সমস্তবে আলোচনাৰ ঠাই আছিল । কামৰূপৰ কামাখ্যা অভ্যাসব, তপস্যা আচৰণৰ কেন্দ্ৰস্থল আছিল । দেবীক সেৱা কৰিবলৈ, হাজো, বশিষ্ঠ, বিশ্বনাথ, পৰশুৰাম কুণ্ড এইবিলাক তীর্থ দৰ্শন কৰিবলৈ, সেইকালতো পচিম ভাৰতৰ পৰা, বিদ্বান, জ্ঞানী, পণ্ডিত, পুণ্যাত্মা মানুহ সকল, হাত-ভৰি ভাঙ্গি খোজ কাঢ়িয়েই বৰ্ত্তমান ৰাজগড় আনিয়ে অহা যোৱা কৰিছিল। নীলকণ্ঠ কত 'দেৱদামোদৰ চৰিত্ৰত আছে কেশৰী নামেৰে এজন ভাটীৰ পণ্ডিতে তীৰ্থ কৰিবলৈ লগত সাত গাড়ি পুথিয়ে সৈতে আহি তীর্থাদি কৰি শেহত নলচা গ্রামতে টোল সকলক সংস্কৃত শিক্ষা দিছিল । পাতি ব্ৰাহ্মণ আৰু কায়স্থ ছাত এইবিলাক কাৰণতে অসমীয়া ভাষাটো সেই কালতে এটা উন্নত সাহিত্যিক ভাষা আছিল আৰু অসমীয়া জাতিটো উন্নতিশীল জাতি আছিল । এতিয়াৰ দৰে কানীয়া নাছিল । কানি এটা কি বস্তু সেই কালত অসমীয়া মানুহে নাজানিছিল ।
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/২০
অৱয়ব