( ১৫ ) মন্দিৰ, অনেক পুখুৰী,আহোমৰ ৰাজত্বৰ, আন কি চুতীয়া ৰাজত্বৰো আগৰে পৰা থকা কথাটো সকালোৱে জানে। এই বিলাক কৰ পৰা হল ? চিমি, আবৰ, মিৰি, এই সকলৰ ওচৰত আৰ্য্য জাতিৰ ধ্বংসাবশেষ কেনেকৈ হল, যদি একালত এইবিলাক ঠাইত প্রবল পৰাক্ৰমী আৰ্য বা অসুৰবংশীয় ৰজা নেথাকিলহেতেন । বেদজ্ঞ ব্রাহ্মণ এইবিলাক ঠাইত নথকা হলে, ৰুক্মিণী আইদেৱেনো দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ ওচৰলৈ বাতৰি পঠাবলৈ বেদনিধিক কৰপৰা পালেহেতেন । অস্থৰবংশীয় ৰজাসকলৰ ভিতৰত নৰক দোৰ্ঘোৰ অত্যাচাৰী হৈ, ১৬০০০ বোল হাজাৰ আৰ্য্য ৰমণীক বন্দিনী কৰি ৰখাৰ বাবে আৰু আন কি কামাখ্যা দেবীকো বিবাহ কৰিব খোজা অহঙ্কাৰত, সাধুৰ পৰিত্ৰাণ কৰ্ত্তা, দুষ্কৰ্ম্মকাৰী সকলক বিনাশ কৰোঁতা, ধৰ্ম্মসংস্থাপক প্রভু শ্রীকৃষ্ণে লগত গুজৰাটী, মহাৰাট্টি, হিন্দুস্থানী মানুহ লৈ আহি, নৰকে সৈতে যুজি, নৰকক নিধন কবি, বন্দিনী কন্যা সকলক উদ্ধাৰ কৰি নিয়াৰ লগে লগে নৰকৰ পুত্ৰ ভগদত্তক আমাৰ এই প্ৰাগ জ্যাতিষপুৰত ৰজা পাতি থৈ যায়; আৰু সম্ভবতঃ তাৰ লগে লগে অসমত আৰ্য্যসতিকো দৃঢ়তৰ কৰি থৈ গল । তেওঁৰ লগৰ গুজৰাটী, মহাৰাটি, হিন্দুস্থানী ৰণুৱাৰ ভিতৰৰ কেতখিনি সম্ভবতঃ বৈ গল ৷ পৰশুৰামেও মাতৃহত্যা পাপ স্খলন কৰিবলৈ, মোৰ বোধেৰে,অকলৈ অসমলৈ অহা নাছিল । লগত ক্ষত্রিয়, ব্রাহ্মণ, ইত্যাদি যুঁজাৰুও আনিছিল। মই পৰশু- ৰাম কুণ্ডলৈ যাওঁতে নিচ মিবিলাকক এইখান তীৰ্থৰ পাণ্ডা যেন পাই, আৰু সিহঁতৰ টনটনীয়া নাক আৰু মুখৰ গঢ় দেখি মনতে এটা অনুমান কৰিছিলোঁ, যে মিচ মিহঁত অনেকেই কি জানি সেই পৰশুৰামৰ লগত অহা মিশ্ৰ বামুণ আৰু মিশ্র ক্ষত্ৰিয় আছিল ; পিচত কালক্রমে হিন্দুৰ সংসৰ্গৰ পৰা আঁতৰি আৰু ওচৰৰ পৰ্ব্বতীয়া জাতিৰ লগত মিহলি হৈ, সিহঁতৰ ছোৱালী বিয়া কৰাই, নিজব সভ্যতা পাহৰি, আজি কালি এইলেথিয়া অসভ্য হৈ পৰিছে।
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/১৭
অৱয়ব