( 12 ) সাহিত্য নানা বিধব, নানা বিষয়ৰ হব পাৰে; যেনে, ধৰ্ম্ম সাহিত্য, পদ্য সাহিত্য, সঙ্গীত সাহিত্য ইত্যাদি। সহিত শব্দৰ লগত ষ্ণ্য প্রত্যয় কৰি হৈছে সাহিত্য । সহিত মানে একেলগে । মাৰোৱাৰী ভাষাত কিন্তু সহিত মানে হেনো মউ । দৰাচলতে এই সাহিত্যৰূপী ফলটো মধুৰৰো সুমধুৰ মৌৰ দৰে মিঠা। সাহিত্যে মনত আনন্দ জন্মাব পাৰে। দুঃখময় জীৱনকো সুখি কৰিব পাৰে । শুকান মৰুভূমিতো ফলে-ফুলে সুশোভিত গছ জন্মাব পাবে । শূন্য মনতো প্ৰকৃতিৰ মনোহৰ সৌন্দৰ্যৰাশি পেলাই দি মনক ভাবময়, কল্পনাময় কৰি তুলিব পাবে । ভক্তিহীন মনক ঈশ্বৰলৈ প্রগাঢ় ভক্তিযুক্ত কৰিব পাৰে। সাহিত্যে এন্ধাৰত লুকাই থকা বহুমুলীয়া তথ্যবিলাকক পোহৰলৈ আনি আমাৰ জ্ঞান বৃদ্ধি কৰিব পাৰে । কৰ্ত্তব্য নিষ্ঠাৰ আৰ্হি দেখুৱাই সাহিত্যে আমাৰ জীৱনকো কৰ্ম্মময় কৰিব পাৰে। মুঠতে সাহিত্যে কৰ্ম্ম, ভক্তি, জ্ঞান, এই সমস্ত আমাক দি আমাৰ জীৱনক সৌন্দর্য্যময় কবি তুলিব পাবে। এই সাহিত্যব গুণ মোৰ নিচিনা অভাজনৰ বৰ্ণাই এটাবৰ সাধ্য নাই । সাহিত্য নানা বিধৰ, নানা বিষয়ক । সেই দেখি কোনো এক জীৱনত সকলো বিষয়ৰ সাহিত্য সেৱা কৰি ওৰ কৰিব নোৱাৰি। জাতীয় চৰিত্র, জাতীয় উন্নতি, জাতীয় আৰ্হি এই সমস্তৰে ওপৰত সেই জাতিৰ সাহিত্য নিৰ্ভৰ কৰে। যি জাতি যিমান উন্নত, সেই জাতিৰ ভাষা আৰু সাহিত্যও সিমান উন্নত। যি জাতিৰ ভাষা কেৱল দোৱানৰ অৱস্থাতে থাকে, যি জাতিয়ে নিজৰ মাতটো লেখি থব নাজানে, সেই জাতি সিমান তলত, সিমান অজ্ঞান আন্ধাৰত | আমাৰ এই অসমীয়া ভাষাটো হেবসিদিনাখনৰ ভাষা নহয়। ডাল বৰ শকত লো বা নাহৰৰ সাৰৰ দৰে । ইয়াৰ ভেটিটো আৰ্য্যসকলৰ সংস্কৃত ভাষাৰ ওপৰত স্থিত। ই আগৰে পৰা, অন্ততঃ খৃষ্টীয় ষষ্ঠ সপ্তম শতিকাৰে পৰা, সাহিত্যিক ভাষা। ভেটি শকত নোহোৱা হলে—এই সুখৰ বিষয়
ইয়াৰ গুড়ি