সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১০)

আছে। সাৰ সুৰেন্দ্ৰনাথ বানাৰ্জি - ভাৰতৰ অকল যে প্ৰধান ৰাজনৈতিক পুৰুষ আছিল, আন কি ভাৰত বাসীক ৰাজনীতি শিক্ষা দিয়াৰ আদিগুৰু আছিল এনেকুৱা নহয়, তেওঁ প্ৰধান সাহিত্যিকে৷ আছিল। ৰাজনীতি চলোৱাৰ লগে লগে তেওঁ দেশত, তেওঁৰ মৰমৰ বঙ্গদেশত, ৰিপন-কলেজ স্থাপন কৰি, বেঙ্গলী কাকত সম্পাদন কৰি, শিক্ষা বিস্তাৰো কৰিছিল। চিত্তৰঞ্জন দাসো এজন প্ৰতিভাশালী সাহিত্যিক আছিল। তেওঁ তেওঁৰ বঙ্গালী ভাষাত সুন্দৰ কবিতা পুথি এৰি গৈছে। সাৰ আশুতোষ চৌধুৰী এজন সাহিত্যিক পুৰুষ আছিল। এই কেউজন মহাপুৰুষৰ বিয়োগত আমি অসমীয়া জাতিয়েও দুখ পাইছোঁ। আমি কায়মনোবাক্যে এই মহাপুৰুষ সকলৰ বৈকুণ্ঠত বাস হবলৈ ভগৱন্ত পুৰুষক খাটোঁ, আৰু আমাৰ সমবেদনা এৰাসকলৰ সন্তপ্ত পৰিয়াললৈ জনালোঁ!

 আমাৰ অসমতো এই বছৰৰ ভিতৰত (১) ৰায় বাহাদুৰ বেথাৰাম শৰ্মা (২) ৺ গোপাল ভূঞা (৩) ৺ সিংহদত্ত দেৱ অধিকাৰী (৪) ৺ গোপাল কৃষ্ণ দে, এই চাৰিজন লেখৰ মানুহ ঢুকাল। গোপাল ভূঞা সুন্দৰ মৌলিক কবিতা লেখিব পৰা সাহিত্যিক আছিল। সিংহদত্ত দেৱ অধিকাৰীও এজন ভাল সাহিত্যিক আছিল আৰু অৰ্ঘা কাকত ভালকৈ চলাবলৈ চেষ্টাত আছিল। ৺ গোপাল কৃষ্ণ দেব পিতৃ যদিও আগৰ শিলঠৰ কায়স্থ মানুহ, তথাপি ৺ গোপাল কৃষ্ণ দে গুৱাহাটীতে উপজিছিল, গুৱাহাটীতে ডাঙ্গৰ হৈছিল আৰু মোৰ সহপাঠী আছিল। তেওঁ অসমীয়া ভাষাক সৰুৰে পৰা নিজৰ ভাষা বুলি লইছিল। কলিকতাৰ পৰা পঢ়ি শুনি যেতিয়া আহি আমি প্ৰথমতে গুৱাহাটীত ভ্ৰমৰঙ্গৰ অভিনয় পাতো— আজি ৩৬ বছৰৰ কথা— গোপাল কৃষ্ণই থিয়েটাৰত কলিমন এজনৰ ভাও লৈ মানুহক কেনেকুৱা যে মোহিত কৰিছিল তাক এতিয়াও পাহৰিব নোৱাৰোঁ। তাৰ পিছত যেতিয়া আমি নাটৰ অভাবত মূল মহাভাৰতৰ পৰা ঘটনা লৈ নাট লেখিবলগীয়া