সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঢ়াশলীয়া ল’ৰাৰ
আসাম-ভূগোল।

 যি পুথি পঢ়িলে পৃথিবীৰ নাইবা তাৰ কোনো এক অংশৰ বিবৰণ জানিব পাৰি, তাক ‘ভূগোল’ বোলে।

 যি পুথি পঢ়িলে আসাম দেশৰ বিবৰণ জানিব পাৰি, তাক ‘আসাম ভূগোল’ বোলে।

 ‘ভূ’ মানে পৃথিবী, ‘গোল’ মানে ঘূৰণীয়া, পৃথিবীৰ, আকৃতি ঘূৰণীয়া, সেই দেখি পৃথিবীক ভূগোল বোলে।

 পৃথিবীৰ আকৃতি ঘূৰণীয়া, ৰেবাব টেঙ্গাটে৷ যেনে দুয়ো মূৰ অলপ ছাপ খোৱা, পৃথিবীৰ আকৃতিও ঠিক তেনেকুৱা।

 পৃথিবীৰ আকৃতি যে ঘূৰণীয়া তাৰ গোটাচাৰেক প্ৰমাণ এই:—