পৃষ্ঠা:আশীৰ্ব্বাদ.pdf/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৮
আশীৰ্ব্বাদ
থাকোক সদাই তোমাত মতি।

মৃত্যু সময়তো নামত ৰতি॥
নবাঞ্চো কদাপি বৈকুণ্ঠ পুৰী।
স্বৰ্গতো যেন নোহো অধিকাৰী॥
নৰক কুণ্ডতে থাকিবো পৰি ।
যম যন্ত্রনাতো হৰিক স্মৰি॥
এতেকে প্ৰভু মোৰ অভিলাষ।
লৈয়োক ভৃত্যৰ কৰিয়া দাস॥

————

সমাপ্ত