৵৽
and its Realisation) আৰু আমাৰ “কবি বৰাগীৰ” বিষয় হৈছে ঘাইকৈ কবি আক কবিত্বলৈ (A poet and his poetry) অৱশ্যে দুইটাৰে ভিতৰত গম্ ধৰিব নোৱাৰাকৈ কিবা মূল ঐক্য নিশ্চয় থাকিব পাবে, কাৰণ এই ক্ষুদ্ৰ লেখক জগৎ কবি ৰবীন্ত্ৰনাথৰ একাগ্ৰ শিষ্য আৰু সেই অগ্নিময় প্ৰাণৰ জলন্ত প্ৰভাবেৰে এই ভষ্মাবৃত হৃদয়ও অনুপ্ৰাণিত।
এই কিতাপ আকাৰে ক্ষুদ্ৰ প্ৰবন্ধটোৰ জন্মদাতৃ, ধৰিবলৈ গলে, নগাওঁ অ, ভা, উ, সা সভাহে। নগাওঁ, অ, ভা, উ, সা সভা নোহোৱা হলে, আৰু সেই সভাত এই লেখকে কবিতা আদি প্ৰবন্ধ পাঠ কৰিবৰ স্থযোগ নোপোৱাহলে, আৰু সেই পঠিত প্ৰবন্ধবোৰৰ ওপৰত ‘না-না মুনিৰ না-না মতৰ’ বৰষুণ নপৰা হলে, কবিবৰাগীয়ৈ কাব্যাস্বাদীৰ লগত কেতিয়াও আলাপ কৰিব লগাত নপৰিলহেঁতেন। এই “আলাপ” উক্ত সভাৰ ১ম বাৰ্ষিক উৎসৱত অভিনীতও হৈছিল,—আৰু সেই অভিনয় দেখি এই কতাপৰ প্ৰকাশককে আদি কৰি অনেকে নথৈ আনন্দ প্ৰকাশ কৰিছিল, গতিকে প্ৰকাশকৰ উচ্পিচনি আৰু খচখচনিত সেই ক্ষুদ্ৰ প্ৰবন্ধটোৱেই কিতাপ আকাৰে আজি বাজলৈ ওলাল। ইতি—
১—১—১৯ খৃঃ। |
শ্ৰীৰত্নকান্ত বৰকাকতী। |