এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৬ )
| ক্ৰন্দনেৰে মহাজীৱনৰ ৰহস্য সিন্ধু! বুজিব কোনে এই অভেদ ৰহস্য, বুজি অন্ত কৰিব কোনে এই অতল জলধিৰ অনন্ত কল্লোল। যি মহাগায়কে অদৃশ্যে এই অনন্ত সঙ্গীত স্পন্দিত কৰিছে তেঁৱেইতে৷ বুজিবলৈ নিদিলে!—এই টোৱেইতো সাঁথৰ। হাফেজেও কৈছিল :—
“True singing still a mystry remains, |
| কা স্বাদী:— | ভাই তোমাৰ কথা বিলাক মই নুবুজিলেও বাজি গৈছে হে। |
| কবি বঃ:— | গৈছেনে বাজি? – কেনি?
(মূৰলৈ দেখুৱাই) এই পিনেনে? এই পিনে? (বুকুলৈ দেখুৱাই) |
| কা স্বাদী:— | (কাণলৈ দেখুৱাই) কাণৰ ভিতৰেদি সোমাই (বুকুলৈ দেখুৱাই) ইয়াত বাজিছেহি। |
| কবি বঃ:— | তেনেহলে ধন্য হলোঁ। |
| কা স্বাদী:— | ময়ো ধন্য হৈছোঁ যেন লাগিছে, কিন্তু এটা কথা সোধোঁ তুমি যে কি এটা সঙ্গীতৰ কথা ক’লা, |