সমললৈ যাওক

পৃষ্ঠা:আলাপ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৬ )

ক্ৰন্দনেৰে মহাজীৱনৰ ৰহস্য সিন্ধু! বুজিব কোনে এই অভেদ ৰহস্য, বুজি অন্ত কৰিব কোনে এই অতল জলধিৰ অনন্ত কল্লোল। যি মহাগায়কে অদৃশ্যে এই অনন্ত সঙ্গীত স্পন্দিত কৰিছে তেঁৱেইতে৷ বুজিবলৈ নিদিলে!—এই টোৱেইতো সাঁথৰ। হাফেজেও কৈছিল :—

“True singing still a mystry remains,
Never such pearls as these were
bored and stung,
Never the singer of the song explains,
How it was sung.”

কা স্বাদী:— ভাই তোমাৰ কথা বিলাক মই নুবুজিলেও বাজি গৈছে হে।
কবি বঃ:— গৈছেনে বাজি? – কেনি?

(মূৰলৈ দেখুৱাই) এই পিনেনে? এই পিনে? (বুকুলৈ দেখুৱাই)

কা স্বাদী:— (কাণলৈ দেখুৱাই) কাণৰ ভিতৰেদি সোমাই (বুকুলৈ দেখুৱাই) ইয়াত বাজিছেহি।
কবি বঃ:— তেনেহলে ধন্য হলোঁ।
কা স্বাদী:— ময়ো ধন্য হৈছোঁ যেন লাগিছে, কিন্তু এটা কথা সোধোঁ তুমি যে কি এটা সঙ্গীতৰ কথা ক’লা,