এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
For thoughts on things unseen.” আচল কথা, সঁচা বুদ্ধি, সঁচা যুক্তিৰ অস্ত্ৰই যেনেকৈ সত্যৰ ফালে বাট কাতি দিয়ে, সঁচা কল্পনাৰ পোহৰেও তেনেকৈ সত্যৰ মূৰ্ত্তিকে দেখুয়াই দিয়ে। |
| কাঃ স্বাদীঃ:— | উদাহৰণ? |
| কবি বঃ:— | উদাহৰণ? উদাহৰণ বহুদিনৰ আগেয়ে কবি Wordsworthএ সত্য কল্পনাৰ প্ৰভাবত গোটেই বিশ্ব প্ৰকৃতিতে এটা প্ৰাণময়তাৰ অনুভৱ কৰি কৈছিল “With gentle hand touch, for thereis a spirit in the woods” আৰু আজি বৈজ্ঞানিক স্যৰ জগদীশচন্দ্ৰই সত্য বুদ্ধিৰ সহায়েৰে প্ৰমাণ কৰি দেখুয়াইছে যে তৃণ-তৰু-লতা সকলো চেতন সকলোৰে জীৱ আছে। |
| কাঃ স্বাদীঃ:— | Wordsworthএজন কবিৰ এটা ভাব ভাগ্য ক্ৰমে সত্যৰ ওচৰ চাপিলেই আটাই বিলাক কবিৰ কল্পনা বোৰ সত্য হল নে? |
| কবি বঃ:— | অকল wordsworth কিয়? তাহানি এই ভাৰতবৰ্ষতে ঋষি কবি সকলৰ অন্তৰ্মুখী কল্পনাই ও |