পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪২)

কিন্তু এতিয়া সি আহি পৰিলহি ৫৯:৫১ অত অর্থাৎ আগেয়ে ৪৩ ভাগৰ ঠাইত এতিয়া ইউনিয়ন চৰকাৰে ৫৯ ভাগ আয় নিজৰ হাতলৈ আনিলে। আনহাতে আওপকীয়া কৰৰ মাত্ৰা বাঢ়ি গৈছে ৷ পোনপটীয়া কৰ শতকৰা ৩৪ ভাগৰ পৰ৷ কমি ৩২ ভাগ পালেগৈ; কিন্তু আওপকীয়৷ কৰ শতকৰা ৫৬ ভাগৰ পৰ৷ ৫৮ ভাগ পালেগৈ৷ এনে ধৰণে কৰ বহুৱাৰ পৰা দুখীয়া শ্ৰেণীৰ মূৰত ক্রমান্নয়ে বেচি বোজা পৰিছে৷ ইফালে ৰাষ্ট্ৰীয় আয়ৰ সৰহভাগ টকা খৰছ কৰিছে শান্তি আৰু শৃঙ্খলা ৰক্ষাৰ নামত। আৰ্থিক আৰু সামাজিক উন্নয়নৰ কামত নামমাত্ৰ খৰছ কৰা হৈছে ।

ছ’চিয়েলিষ্ট পার্টিয়ে এনে বিত্তীয় নীতি সম্পূর্ণ সলনি কৰিব। পাৰ্টিয়ে যি চাৰি খলপীয়া ৰাষ্ট্ৰ স্থাপন কৰিব তাত ৰাইজে ঢুকি পোৱা প্রশাসণীয়া অনুষ্ঠানৰ হাতলৈ ৰাজহৰ ধন সৰহকৈ যাব৷ মূলধনৰ ওপৰত লগোৱা কৰ আদি আর্থিক সমতা স্থাপনৰ ব্যৱস্থা আৰু ঘাই ঘাই শিল্পৰ ৰাষ্ট্ৰীয়কৰণে ৰাজহুৱা বিত্তৰ ৰূপ তৈনেই সলনি কৰি দিব। ৰাষ্ট্ৰই ধন খৰছ কৰিব তথাকথিত শান্তি আৰু শৃঙ্খলা ৰক্ষা কৰিবলৈ নহয়, উৎপাদন কৰিবলৈ আৰু ৰাষ্ট্ৰীয় অর্থনীতি সবল কৰিবলৈ। যেতিয়া চৰকাৰে দেশৰ সম্পদ বঢ়াবৰ বাবে আৰু ৰাইজৰ কল্যাণৰ বাবে ধন খৰছ কৰিব তেতিয়া ৰাইজেও কৰ দিবলৈ টান নেপায়।