পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪১)

ঘৰ-দুৱাৰৰ ব্যৱস্থা

গাওঁ আৰু নগৰ উভয় অঞ্চলতে ঘৰ-দুৱাৰৰ সমস্যাটো অতি জটিল হৈ পৰিছে।

ওপৰত যি কৃষি-পুৰ্ণগঠনৰ আঁচনি দিয়া হৈছে সেই আঁচনিয়ে গাৱঁলীয়া অঞ্চলত ঘৰ-দুৱাৰ সজাত সহায় কৰিব৷ স্থানীয় অঞ্চলতে যি সজুলি পোৱা যাব তাইে ঘৰ সজা কাম হ'ব ।

নগৰ অঞ্চলত থকা তাকৰীয়া উপাৰ্জ্জনৰ লোকক ঘৰ বন্ধাৰ বিষয়ত স্থানীয় নিকায় সমূহে সহায় কৰিব আৰু সুবিধা যোগাব। ৰাষ্ট্ৰৰ তৰফৰ পৰা ধাৰ আৰু পুঁজি যোগাৰ দি ঘরসজা সমবায় সমিতিক সহায় কৰা হ'ব৷

ঘৰৰ ভাৰা নিয়ন্ত্ৰণ কৰা হ’ব। আৰু লগতে মাটিৰ দামো নিয়ন্ত্ৰণ কৰা হ'ব।

ৰাষ্ট্ৰ-বিত্ত (Public Finance)

ভাৰতৰ সৰ্ব্বমুঠ ৰাষ্ট্ৰীয় আয় হ’ল ৮৭০০ কোটী টকা। তাৰে দহ ভাগৰ এভাগ ইউনিয়ন আৰু ৰাজ্যচৰকাৰ সমূহৰ ভঁৰাললৈ যায়। কংগ্ৰেছ ৰাজত্বৰ অধীনত এই টকাৰ সৰহ- ভাগ ইউনিয়ন চৰকাৰৰ ভাগত থোৱা হৈছে আৰু ৰাজ্য চৰকাৰবোৰক প্রাপ্য অংশৰ পৰা বঞ্চিত কৰা হৈছে। কেই- বছৰমানৰ আগতে ইউনিয়ন চৰকাৰ আৰু ৰাজ্যচৰকাৰৰ মাজত ৰাষ্ট্ৰীয় আয়ৰ ভাগৰ অনুপাত আছিল ৪৩ : ৫৭ ;