পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৭)

আয়োগে সকলো ঠিক কৰি সেইমতে কাম ভগাই দিব । ওপৰত উল্লেখ কৰা প্রাইমেৰী অনুষ্ঠানবোৰে সেইমতে নিজৰ নিজৰ ভাগৰ কাম আদায় কৰিব লাগিব ।

উদ্যোগৰ বাবে ৰাষ্ট্ৰৰ সাহায্য

যেতিয়৷ ৰাষ্ট্ৰই ইমানবোৰ ক্ষমতা হাতত ল'ব তেতিয়া ৰাষ্ট্ৰৰ দায়িত্বও বাঢ়িব। তেতিয়া শিল্পৰ বিভিন্নক্ষেত্ৰত ৰাষ্ট্ৰই সুযোগ-সুবিধাৰ ব্যৱস্থা কৰি দিব লাগিব । ‘ডেভলেপমেন্ট কাউন্সিল” আদি পাতিব লাগিব ; বিশ্ববিদ্যালয় আৰু আন আন চৰকাৰী সাহায্যপ্রাপ্ত অনুষ্ঠানত বিভিন্ন বিষয়ৰ মূল গবেষণাৰ সুবিধা কৰিব লাগিব। বৈজ্ঞানিক আৰু কাৰিকৰ প্ৰশিক্ষৰণ ব্যৱস্থা কৰি দিব লাগিব। সৰু সৰু উদ্যোগ বিলাকক ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি আদি যোগান দি আৰু কোনো কোনো ক্ষেত্ৰত পুঁজিৰ যোগান দিও ৰাষ্ট্ৰই সহায় কৰিব । কুঢ়ীৰ শিল্পৰ বাবে কিছুমান ক্ষেত্র আতীচুয়া ৰাখি সেই- বিলাকক সহায় কৰা হ'ব। লগতে শিক্ষাকেন্দ্ৰ, বজাৰৰ সুবিধা আদিৰ ব্যৱস্থা থাকিব । এইদৰে ৰাষ্ট্ৰই আগভাগ লৈ শিল্প ক্ষেত্ৰৰ সমস্যা সমাধান কৰিব

বেপাৰ-বাণিজ্য

বাণিজ্যৰ ক্ষেত্ৰতো দেশত বিশেষ সমস্যাই দেখা দিছে। চোৰাংবজাৰৰ প্রচলন আদিৰ হেতুকে বস্তুৰ দাম অতিপাত বৃদ্ধি হৈ গৈছে । মানুহৰ সাঁচনৰ প্ৰায় ভাগেই এই চোৰাংবজাৰত সোমাইছে গৈ। ফলত এক অস্বাভাৱিক