পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)

বনুৱাসকলৰ ধৰ্ম্মঘট কৰাৰ যি অধিকাৰ তাত কোনেও হাত দিব নোৱাৰিব।

শিল্প-উন্নয়ন

শিল্প-উন্নয়নৰ দিহা কৰাটো ৰাষ্ট্ৰৰ কৰ্ত্তব্য। এই বিষয়ত চকু দিবলৈ আৰু সকলো কাম কবিৰলৈ পৰিকল্পনা আয়োগ থাকিব। এই আয়োগত সকলো শ্ৰেণীৰ প্ৰতিনিধি থাকিব। কিন্তু ভাৰতৰ ৩৫ কোটী নৰ-নাৰীৰ ভাগ্য নিয়ন্ত্ৰণত এই আয়োগৰ হাততেই সকলো ক্ষমতা কেন্দ্ৰীভুত হৈ নেথাকিব৷ কিয়নো তেনেহলে সেই আয়োগ কাৰ্য্যকৰীও নহব। সেই বাবে পৰিকল্পনা-আয়োগৰ কাম তলৰ পৰা ওপৰলৈ গাঁথি অনা হ'ব।

একেবাৰে তলত থাকিব গাওঁ পঞ্চায়ত সমূহ, ৰাজহুৱা নিগম সমূহ (Corporation), স্থানীয় নিকায় সমূহ (Local Bodies), সমবায় অনুষ্ঠান, সৰু সৰু ব্যৱসায়ীৰ অনুষ্ঠান, বনুৱা সঙ্ঘ ইত্যাদি। এইবিলাকৰ প্ৰত্যেকেই নিজৰ নিজৰ হাতত যোগাৰ থকা বস্তুৰ তালিকা, আৰু সেইবোৰৰ উৎপাদনকাৰী শক্তিব হিচাপ তৈয়াৰ কৰিব আৰু কিমান উৎপাদন তাৰ পৰা হ'ব তাৰ লেখ উলিয়াব। ৰাজ্যিক পৰিকল্পনা আয়োগে সেইবোৰ পৰীক্ষা কৰিব আৰু সকলো ঠাইৰ চাহিদাৰ সামঞ্জস্য ৰাখি তাক ঠিক কৰিব। তাৰ সেইবোৰ ইউনিয়ন পৰি কল্পনাৰ আয়োগৰ ওচৰত দাখিল কৰা হ'ব। ইউনিয়ন