পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)

বীমা, প্রসূতি কল্যাণ, বুঢ়া বয়সৰ পেঞ্চনৰ বাবে লগ৷ ধন ৰাষ্ট্ৰ, শিল্পৰ মালিক আৰু বনুৱা তিনিও যোগাব ।

স্বাধীন ট্রেড ইউনিয়ণ আন্দোলন

ছ'চিয়েলিষ্ট পার্টিয়ে সদায় চেষ্টা কৰি আহিছে যাতে বনুৱা- সকলে শিল্প-পৰিচালনাত অংশ গ্ৰহণ কৰিব পাৰে । সেই পৰিচালনাৰ দায়িত্ব ভালমতে পালন কৰিবলৈ আৰু নিজৰ শক্তি বঢ়াবলৈ হলে বনুৱা সকলৰ প্রত্যেকেই ইউনিয়নৰ সভ্য হ’ব লাগিব । সেইবাবেই ছ'চিয়েলিষ্ট পার্টিয়ে ইউনিয়ন- শ্বপ’ লাগে বুলিছে, অর্থাৎ প্রত্যেক বনুৱ৷ই ইউনিয়নৰ সভ্য হ'ব লাগে৷ ইউনিয়নৰ সভ্য নোহোৱাকৈ থাকি যাতে কোনেও বনুৱা-শক্তি খর্ব্ব নকৰে । প্রত্যেক শিল্পৰে সমগ্ৰ দেশজোৰা একোটা ইউনিয়ণ থাকিব । সেই শিল্পৰ প্ৰতিটো কাৰখানাতে ইউনিয়ণ থাকিব আৰু প্ৰতি-অঞ্চলত শাখা থাকিব । এই ইউনিয়ন বিলাকৰ ভিতৰত সম্পূৰ্ণ গণতন্ত্ৰ যাতে থাকে তাৰ বাবে আইন বান্ধি দিয়া হ'ব।

ইউনিয়ন বিলাকে সম্পূর্ণ স্বাধীনভাৱে কাম কৰিব। ইউ- নিয়নৰ যোগে বহুৱাৰ সমূহীয়া দাবী পূৰণৰ চেষ্টা হ'বৰ লগতে এই ইউনিয়নে বনুৱা সকলৰ সামাজিক নিৰপত্তাৰ ব্যৱস্থা কৰা, সাধাৰণ আৰু কাৰিকৰী শিক্ষা-দান কৰা, উৎপাদনৰ আঁচনি কৰা আৰু শিল্প পৰিচালনাত অংশ লোৱা আদি কাম কৰিব।