পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৪)


সামাজিক নিৰাপত্তাৰ ব্যৱস্থা

শিল্প-পৰিচালনাত ভাগ দিয়াৰ পাচতো বনুৱাসকলৰ নিৰা- পত্তা সম্পূৰ্ণ নহবগৈ। ক্ৰুৱাই কাম কৰিবলৈ কাম নাইকীয়া হবগৈ পাৰে। তেতিয়া নিবনুৱাৰ অৱস্থাৰ সময়ত নিৰাপত্তাৰ ব্যৱস্থা লাগিব। আকৌ বেমাৰ-আজাৰ হ'লে বা বুঢ়া বয়হৃত কাম কৰিব নোৱাৰা হলে বনুৱাক সহায় কৰিব লাগিৱ। এইবোৰৰ বাবেই ৰাষ্ট্ৰই সামাজিক নিৰাপত্তা-ব্যৱস্থাৰ দায়িত্ব ল'ব লাগিব।

কাম কৰি থকা সময়ত কোনো বনুৱা দুৰ্ঘটনাত পৰিলে ভাৰ বাবে বহুৱাই ক্ষতি পূৰণ পাব—ডাক্তৰী সাহায্য আৰু জীৱন-নিৰ্ব্বাহৰ বাবে আৱশ্যকীয় সাহায্য পাব। বেমাৰ- বীমা আৰু প্ৰস্তুতি-কল্যাণৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব। গোটেই জীৱনটো কাম কৰাৰ পিচত বুঢ়া বয়সত এজন বনুৱাই সুখেৰে দিন কটোৱাৰ ব্যৱস্থা থাকিব। সেইবাবে বুঢ়া বয়সত তেওঁ পেঞ্চন পাব। নিবনুৱা অৱস্থাত সহায় পাবৰ বাবে নিবনুৱা—বীমাৰ ব্যৱস্থা থাকিব।

ওপৰোক্ত ব্যৱস্থাবোৰৰ বাবে যি টকা লাগিব তাৰ ভিতৰত বনুৱাৰ ক্ষতিপূৰণ দিবলৈ দৰ্কাৰ হোৱা টকা দিব শিল্পৰ গৰাকীয়ে৷ তাৰ বাবে সকলো শিল্পতে ব্যৱস্থা থাকিব লাগিব। শিল্পৰ মালিকী স্বত্বৰ হাত-সলনি হওঁতে, নাইবা ৰষ্ট্ৰীয় চৰণৰ কেতিয়াবা যি নিবনুৱা সমস্যাৰ সৃষ্টি হব তাৰ প্ৰতিকাৰ কৰিব হয় শিল্পৰ গৰাকীয়ে, নহয় ৰাষ্ট্ৰই। বেমাৰী-