পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩)

ব্যৱস্থা কৰা হ'ব। এই ব্যৱস্থা বাধ্যতামূলক হ'ব। শিল্পৰ অংশীদাৰ সকলৰ দৰেই শিল্প-সম্পত্তিৰ লগত বহুৱা সকলৰো সম্বন্ধ আছে। গতিকে অংশীদাৰ সকলৰ যিবিলাক শিল্প ব্যক্তিগত মালিকৰ হাতত থাকিব সেইবোৰত ‘ডবল অডিট'ৰ যোগে বহুৱাই নিয়ন্ত্ৰণ ৰাখিব । অর্থাৎ শিল্পৰ আয়ব্যয়ৰ হিসাব গণীক্ষা কৰাওঁতে বহুৱাৰ পক্ষৰ পৰা এজন পৰীক্ষকে কৰিব অৰু মালিকৰ ফালৰ পৰাও কৰিব। তাৰ দ্বাৰায় বহুৱাই শিল্পৰ আচল অৱস্থাটো জানিব পাৰিব । তদুপৰি ট্রেড ইউনিয়নৰ যোগে বহুৱাসকলে নিজৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰিব । এইবোৰ শিল্পত শিল্প পৰিচালনাৰ ভাৰ থাকিব মালিকৰ হাতত ।

যিবিলাক শিল্প জইণ্ট ষ্টক কোম্পানীৰ তলত থাকিব সেই- বোৰৰ পৰিচালনাত য'তে বহুৱাই ভাগ ল'ব পাৰে তাৰ ব্যৱস্থা কৰা হ'ব৷ এই ব্যৱস্থা বাধ্যতামূলক হ’ব। কিয়নো অংশীদাসকলৰ দৰেই শিল্পসম্পত্তিৰ লগত বনুৱা সকলৰো সম্বন্ধ আছে ৷ গতিকে অংশীদাৰসকলৰ প্ৰতিনিধি যেতিয় ডিৰেক্টৰ ব'ৰ্ডত থাকিব তেতিয়া বনুৱাৰ প্রতিনিধিও সেই ব'ৰ্ডত থাকিব লাগিব । শিল্পক্ষেত্ৰত মেনেজিং এজেন্সী প্রথা একেবাৰে উঠাই দিয়া হ'ব। অংশীদাৰ আৰু বহুৱাৰ স্বাৰ্থ ৰক্ষাৰ্থে কোম্পানী আইনৰ লাগতিয়াল সালসলনি কৰা হ'ব।