পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)

হ্ৰাস নকৰাকৈ সৰু সৰু যন্ত্ৰ-পাতি ব্যৱহাৰ কৰি এনে সম- বায়ৰ যোগে উৎপাদন বঢ়াব পৰা হ'ব। ৰাষ্ট্ৰই এনে সমবায়ক বিশেষ হাৰত ধাৰ দিব, বস্তু বেচা-কিনাৰ সুবিধা কৰি দিব, কাৰিকৰী বিদ্যাৰ ব্যৱস্থা কৰি দিব আৰু সমবায়ৰ ভিত্তিত জীৱন যাপন কৰাৰ সুবিধার্থে শিক্ষাৰ ব্যৱস্থা কৰিব ।

বনুৱাৰ স্থান

সমাজত বহুৱাৰ স্থান সম্পূর্ণ বেলেগ হ'ব। সকলো উদ্যোগতে বহুৱাসকল ৰ'ব অংশীদাৰ স্বৰূপে। উদ্যোগ পৰিচালনাত তেওঁলোকে মতামত দিব । উদ্যোগ সম্পৰ্কীয় সকলেো খা-খবৰ তেওঁলোকে জানিব পাৰিব । পৰিচালক আৰু বহুৱা উভয়ে এইদৰে সমান অভিজ্ঞতা লাভ কৰিব৷ লগে লগে বনুৱা আৰু কাৰিকৰ সকলে যাতে কাৰ্য্যদক্ষতা বঢ়াব পাৰে তাৰ বাবে প্ৰশিক্ষাৰ ব্যবস্থা থাকিব।

যিবিলাক শিল্প ৰাষ্ট্ৰৰ পৰিচালনাত থাকিব সেইবিলাকৰ কৰপ'ৰেশ্যনত বনুৱাৰ প্ৰতিনিধি থাকিব । শিল্প-পৰিচালনা কৰোঁতে ৱৰ্কচ কমিটি আৰু উৎপাদন কমিটিৰ যোগে বনুৱা- সকলে সহযোগ কৰিব। বান্ধি দিয়া নিৰিখতকৈ উৎপাদন অধিক হ'লে তাৰ বাবে পুৰস্কাৰ দিয়া হ'ব আৰু বেচি উৎপাদন কৰা সকলে সমাজৰ পৰা মান পাব।

যিবিলাক শিল্প জইণ্ট ষ্টক কোম্পানীৰ তলত থাকিব সেইবোৰৰ পৰিচালনাত যাতে বনুৱাই ভাগ লব পাৰে তাৰ